আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগৰ 'কৰ'না যোদ্ধা' সন্মান





ষ্টাফৰিপোৰ্টাৰ, ১৩ ,অক্টোবৰ : আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগৰ অসম বৰ্ডৰ উদ্যোগত 'কৰ'না যোদ্ধা সন্মান' মঙলবাৰে  ৰাজ্যৰ কেইজনমান বিশিষ্ট সাহিত্যিক, শিক্ষাবিদক আগবঢ়োৱা হয়।
কৰ'না মহামাৰী সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি ৰাইজৰ সেৱাত ব্ৰতী হৈ থকা অসমৰ বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ কাৰ্যকৰী সদস্য তথা নগৰ উন্নয়ন বিভাগৰ অৱসৰ প্ৰাপ্ত আয়ুক্ত সচিব আই এ এছ  বিষয়া থানেশ্বৰ মালাকাৰ, ২০২০ বৰ্ষৰ হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে কোনো বিসংগতি নোহোৱাকৈ ফলাফল সমূহ কৰোনাৰ মহামাৰীৰ সময়তো ঘোষণা কৰা ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি( এ চি এছ)আৰু মাধ্যমিক শিক্ষা বিভাগটো নিয়াৰিকৈ পৰিচালনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মাধ্যমিক শিক্ষা বিভাগৰ অতিৰিক্ত সঞ্চালক তথা বৰ্তমান চৰকাৰে নতুনকৈ খোলা বড়ো মাধ্যম আৰু জনজাতি ভাষা বিভাগৰ সঞ্চালক এ ই এছ মমতা হোজাইক আন্ত:ৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগৰ অসম বৰ্ডৰ সভাপতি আব্দুৰ ৰাজীবে তেওঁলোকৰ কাৰ্য্যলয়ত গৈ  কৰোনা যোদ্ধা মানপাত্ৰৰে সন্মানিত কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা