চকলাঘাটত কংগ্ৰেছৰ কৰ্মীসভাত সাংসদ গৌৰব গগৈ≈≈≈আত্মনিৰ্ভৰ অসমত মানুহ আত্মহত্যা কৰিবলৈ বাধ্য হৈছে

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৯ অক্টোবৰঃ "প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়া চমকত থাকিব বিচাৰে ৷ বিজেপি বিৰোধী শক্তি একলগ হোৱা মানেই বিজেপিৰ বাবে ভয়ৰ কাৰণ হৈ পৰিছে ৷ সকলো শক্তি এক হৈ অহা দেখি বিজেপিয়ে ভয় খাই গৈছে ৷ ভয় খাই যোৱা বাবে ধৰ্মীয় মেৰুকৰণেৰে সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিব খুজিছে বিজেপিয়ে ৷ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিধায়ক শিলাদিত্য, ৰমাকান্ত দেউৰীয়ে তাকেই প্ৰমাণ কৰিছে ৷" আজি নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দলংঘাট ব্ল’ক কংগ্ৰেছৰ উদ্যোগত চকলাঘাট ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এখন কৰ্মী সভাত উপস্থিত থাকি সাংসদ গৌৰব গগৈয়ে এইদৰে কয় ৷ দলংঘাট ব্ল’ক কংগ্ৰেছৰ সভাপতি মঞ্জুল বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্মী সভাখনত সাংসদ গৰাকীয়ে আত্মনিৰ্ভৰ অসম আৰু আত্মনিৰ্ভৰ ভাৰতত আজি আত্মহত্যা কৰিবলৈ অসমৰ মানুহ বাধ্য হৈছে বুলি উল্লেখ কৰি জাগীৰোডৰ কাগজ কল, কাছাৰৰ কাগজ কল বন্ধ কৰি দি কি কৰিব বিচাৰিছে সেয়া অসমৰ ৰাইজে দেখিছে ৷ এই চৰকাৰখনে জাতীয় দায়বদ্ধতাৰ কথা পাহৰি আমাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক চাকৰিৰ নামত প্ৰলোভিত কৰিছে ৷ আমাৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ বিভাগতে পুলিছৰ এছ আই নিযুক্ত কেলেংকাৰীয়ে আচল স্বৰূপ দাঙি ধৰিলে বুলি মন্তব্য কৰি গগৈয়ে পি কে দত্ত দৰে যিমান আছে সকলোবোৰকে চিনাক্ত নকৰালৈকে কংগ্ৰেছ দল ক্ষান্ত নাথাকে বুলিও প্ৰসংগক্ৰমে দোহাৰে ৷একপ্ৰকাৰ আজিৰ এই কৰ্মী সভাখনে বটদ্ৰৱা সমষ্টিত আগন্তুক নিৰ্বাচনৰ এক ৰণদুণ্দুভি বজাই কংগ্ৰেছ দলৰ অস্তিত্বৰ কথা দোহৰা কৰ্মী সভাখনত বিজেপি আৰু এজিপিৰ পৰা দলত্যাগ কৰা ছবিখনেও বিশেষ তাৎপৰ্য বহন কৰিছে ৷ এই কৰ্মীসভাত কাকমাৰী পঞ্চায়তৰ ১১, মাজ-জাজৰি পঞ্চায়তৰ ২৬, নিজ হাতীচোং পঞ্চায়তৰ ৩৫, আইভেটি পঞ্চায়তৰ ১৭, ৰাইদঙীয়া পঞ্চায়তৰ ২৫, চাবুকধৰা পঞ্চায়তৰ ৯, পাঘালী পঞ্চায়তৰ ১৪ জন, ধিং টাউন মণ্ডলৰ ১৪, উপৰ ডুমডুমীয়াৰ ১০, বটদ্ৰৱা সত্ৰ পঞ্চায়তৰ ৮, ভোমোৰাগুৰি পঞ্চায়তৰ ২০ আৰু কদমনি গাঁও পঞ্চায়তৰ পৰা ১১ লোকে দলত্যাগ কৰি কংগ্ৰেছী টুপি পিন্ধে ৷ উল্লেখ্য, আজিৰ এই যোগদান পৰ্বত ৰাইদঙীয়া পঞ্চায়তৰ মহিলা সদস্যৰ সংখ্যাই সৰ্বাধিক যদিও পাঘালী পঞ্চায়ত আৰু কদমনিৰ পৰা সম্পূৰ্ণ ধৰ্মীয় সংখ্যালঘূ আৰু ওপৰ ডুমডুমীয়া পঞ্চায়তৰ পৰা যোগদান কৰা লোকসকল আছিল ভাষিক সংখ্যালঘূ ৷ আশ্চৰ্যজনক যে মাইক্ৰফোনত ঘোষকে জামুগুৰি-কুজিদাঁহ পঞ্চায়তৰ পৰা কংগ্ৰেছত যোগদান কৰাৰ বাবে ঘোষণা কৰি থকাৰ পিছতো এজনো লোক নহাটোয়ে গোটেই যোগদান প্ৰক্ৰিয়াটোকে ৰহস্যাবৃত কৰি তুলিছে ৷ যুৱ নেতা মনোৰঞ্জন বৰাই আঁত ধৰা সভাখনত প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিৱামনি বৰা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক মেঘনাথ ছেত্ৰী, অভিজিৎ বৰা, নগাঁও জিলা কংগ্ৰেছৰ মহিলা সমিতিৰ সভানেত্ৰী ৰূপালী, নগাঁও জিলা কংগ্ৰেছৰ উপ সভাপতি প্ৰদীপ আগৰৱালাকে প্ৰমুখ্য কৰি বহুকেইজন নেতাই অংশগ্ৰহণ কৰে ৷ এই সভাখনৰকৰ্মীসভাৰ পূৰ্বে কপাহেৰা কেওঁটাগুৰি ৰঙ্গমঞ্চ, চকলাঘাট -মদাৰতলি পথাৰ সংযোগী পকী পথ আৰু চকলাঘাট ৰাস মন্দিৰৰ উন্নয়ন আচঁনিৰ আধাৰশিলা স্থাপন কৰে। বিয়লি সাংসদ গৌৰৱ গগৈয়ে  গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ দুই  সত্ৰৰ বাবে বিশেষভাৱে আগবঢ়োৱা 'সৌৰ শক্তি লাইট'ৰ শুভাৰম্ভ কৰে ৷ বটদ্ৰৱা থানৰ নৰোৱা   সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা  প্ৰমুখ্যে কাৰ্যকৰী সদস্যসকল  উপস্থিত থাকে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা