বাঘজানবাসীৰ কোনে পতিয়াব দুখঃঃকৃষ্ণাইত অৱসৰপ্ৰাপ্ত অধ্যাপক জোনাৱ আলীৰ গীতৰ ভিডিঅ’ উন্মোচন

গোৱালপাৰা জিলাৰ কৃষ্ণাই হাব্ৰঘাট মহাবিদ্যালয়ত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বাঘজান সম্পৰ্কত এটা গীতৰ ভিডিঅ’ উন্মোচন কৰা হয় ৷ কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জোনাৱ আলীৰ ৰচনা, সুৰ আৰু কন্ঠেৰে সজোৱা "বাঘজান বাসীৰ কোনে পতিয়াব দুখ " শাীৰ্ষক গীতটিৰ ভিডিঅ’ উন্মোচন কৰে কৃষ্ণাই আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন ভূঞাই ৷ গেলেক্সী ওৱাৰ্ল্ডৰ বেনাৰত নিৰ্মিত গীতটিৰ সংগীত পৰিচালনা  প্ৰাঞ্জল কোচ আৰু ভিডিঅ’ সম্পাদনা ছাজাউল আহমেদৰ ৷ উন্মোচনী অনুষ্ঠানৰ আতঁ ধৰে গীতাৰ্থ শৰ্মাই ৷ অনুষ্ঠানত হাব্ৰাঘাট মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হাৰুন ৰছিদৰ উপৰি কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থা, আমছুৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতিৰ লগতে জিলা সাহিত্য সভাৰ বিষয় ববীয়া সকলো উপস্থিত থাকে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা