ক’ভিড প্ৰট’কল মানি পাথৰি বৈদিক ধৰ্ম সংঘত অনুষ্ঠুপীয়াকৈ দুৰ্গা পূজা

নগাঁৱৰ পৰা জয়ন্ত মুুুুদৈ, ২৩ অক্টোবৰঃ কৰ’না ভাইৰাচৰ প্ৰতিকুলতাক নেওচি ৰাজ্যৰ সৰ্বত্ৰে উদযাপন কৰা হৈছে শাৰদীয় দূৰ্গোৎসৱ ৷ তদ্ৰুপ নগাঁও জিলাৰ অন্যতম পুৰণি ১৯৬৭ স্থাপিত পাথৰি বৈদিক ধৰ্ম সংঘত কালিৰে পৰা অনুুুষ্ঠিত কৰা হৈছে ৫৪ তম্ শ্ৰী শ্ৰী শাৰদীয় দুৰ্গোৎসৱ । এইবাৰ সোণালী জয়ন্তী বৰ্ষ পূৰ্ণ কৰা পাথৰি বৈদিক ধৰ্ম সংঘৰ আছে এক গৌৰৱোজ্জল ইতিহাস। সুদীৰ্ঘ পৰিক্ৰমাত ই বৃহত্তৰ অঞ্চলটোৰ সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় ক্ষেত্ৰখনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই আহিছে। বিগত সময়চোৱাত কেইবাটাও প্ৰকল্প সম্পূৰ্ণ কৰি অনুষ্ঠানটোৱে এক সুকীয়া মাত্ৰা লাভ কৰিছে। অনুষ্ঠানৰ সহযোগী সংগঠন "পাথৰি বৈদিক ধৰ্ম সংঘ শৈক্ষিক ন্যাসৰ" উদ্যোগত শৈক্ষিক দিশতো ই কেতবোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। সম্প্ৰতি ক’ভিড-১৯ অতিমাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই বৰ্ষত আড়ম্বৰহীনভাবে সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি দুৰ্গোৎসৱ অনুষ্ঠিত কৰা হৈছে । এইবাৰ এই পূজাৰ স্থায়ী মণ্ডপত  মৃণ্ময় প্ৰতিমাৰ পৰিবৰ্তে "ঘট স্থাপন" কৰি পূজাৰ সকলো পৰম্পৰা, বিধি-বিধানেৰে পূজা অনুষ্ঠিত কৰাৰ লগতে মণ্ডপত প্ৰতিমাৰ মনোমোহা প্ৰতিচ্ছবি সংযোজন কৰা হৈছে । ষষ্ঠীৰ সন্ধিয়া স্থায়ী মণ্ডপত সংঘৰ সম্পাদক মৃণাল জ্যোতি শমাই  সকলোলৈকে শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰি আঁত ধৰা এক চমু অনুষ্ঠানত সভাপতি কুমুদ চন্দ্ৰ ভট্টাচাৰ্য্যৰ দ্বাৰা এগছি বন্তি প্ৰজ্বলনেৰে ৫৪ তম্ শাৰদীয় দুৰ্গোৎসৱৰ শুভাৰম্ভ কৰা হয় ৷

Comments

Post a Comment

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা