যুৱ সাংবাদিক মানস জ্যোতি মহন্তৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

 কম সময়তেই কিছুমান ব্যক্তি এই পৃথিৱীলৈ আহি সময়ৰ বালিত খোজ ৰাখি গুচি  যায় #

# যুৱ সাংবাদিক মানস জ্যোতি মহন্তৰ স্মৃতিচাৰণ অনুষ্ঠানত বিশিষ্ট সাংবাদিক নিতু মনি শইকীয়া#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৬ অক্টোবৰঃ এক পথ দুৰ্ঘটনাত পতিত হৈ যোৱা ২৬ ছেপ্টেম্বৰত অকাল বিয়োগ ঘটা নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত জাজৰিৰ হেমাৰবড়ি গাঁৱৰ যুৱ সাংবাদিক, প্ৰকৃতিপ্ৰেমী যুৱক মানস জ্যোতি মহন্তৰ মঙলবাৰে আদ্যশ্ৰাদ্ধৰ দিনা বেবেজীয়া প্ৰেছ ক্লাৱৰ ব্যৱস্থাপনাত "মানস স্মৰণ" শীৰ্ষক এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ‍্যাপক তথা বেবেজীয়া প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা মোহিনী মোহন ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকি মানসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতু মনি শইকীয়াই 'কিছুমান ব্যক্তিয়ে এই পৃথিৱীলৈ আহি কম সময় থাকি, সময়ৰ বালিত খোজ ৰাখি পুনৰ গুছি যায় । আমাৰ মানস জ্যোতি কম সময় থাকি আমাৰ মানস পটত চিন ৰাখি থৈ গল: বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় । প্ৰণতি মহন্তৰ এটি বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য‍নিৰ্বাহক তথা অৱসৰপ্ৰাপ্ত বেংক বিষয়া আবুল খায়েৰ আহমেদ, অসম সচিবালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া ঋষিকেশ শৰ্মা, প্ৰয়াত মানসৰ পিতৃ  মহেন্দ্ৰ মহন্ত, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং আৰু সাংবাদিক দিব্যজ্যোতি বৰুৱাই চমু বক্তব্য প্ৰদান কৰে । উক্ত অনুষ্ঠানৰ পূৰ্বে বন্তি প্ৰজ্বলন আৰু মাল‍্যাপৰ্ণেৰে প্ৰয়াত যুৱ সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় ৷ এই অনুষ্ঠানতে "এক দূৰন্ত গতিৰ প্ৰতিভূ, মানস" শীৰ্ষক স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়াই ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা