বেবেজীয়াত একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক ইলাৰাম দাস বাপৰ মৃত্যু তিথিৰ আয়োজন

lনগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ অক্টোবৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান একশৰণ ভাগৱতী সমাজ, অসমৰ প্ৰতিষ্ঠাপক প্ৰয়াত ইলাৰাম দাস বাপৰ মৃত্যু তিথিভাগ অহা পহিলা কাতিত দিনযোৰা কাৰ্যক্ৰমণিকাৰে নগাঁও জিলাৰ বেবেজীয়াস্থিত সমাজৰ কেন্দ্ৰীয় কাৰ্যালয় পালনাম থানত উদযাপনৰ দিহা কৰা হৈছে । প্ৰকাশিত কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন, ৮.৩০ বজাত শৰাই অৰ্চন আৰু ৯ বজাত খোল প্ৰসংগৰ পিছতে পুৱা ১০ বজাৰ পৰা পালনাম অনুষ্ঠিত হব ৷ বিয়লি ২ বজাত পালনামৰ সামৰণি আৰু কৃপা প্ৰাৰ্থনাৰ লগতে বিয়লি ৪ বজাত ধৰ্মধ্বজা অৱতৰনেৰে অনুষ্ঠানৰ পৰিসমাপ্তি ঘটিব বুলি একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় প্ৰচাৰ সচীব ডেভিদ দাসৰ লগতে নগাঁও জিলা সমিতিৰ সভাপতি ভুৱনেশ্বৰ দাস আৰু সম্পাদক পুষ্পেন্দ্ৰ নাথ দাসে জানিবলৈ দিছে ৷ গতিকে অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে ৷

Comments