নগাঁৱৰ ঐতিহাসিক বেপ্টিষ্ট চাৰ্চলৈ আৰ্থিক অনুদান বিধায়ক ৰূপক শৰ্মাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ অক্টোবৰঃ নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত বেপ্টিষ্ট চাৰ্চৰ সভাগৃহ আৰু আন্ত:গাঠনি উন্নয়নৰ বাবে অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ জৰিয়তে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই পাঁচ লাখ টকাৰ অনুদান আগবঢ়াইছে । গীৰ্জা কৰ্তৃপক্ষক উক্ত ধনৰাশিৰ চেক প্ৰদান কৰি বিধায়ক শৰ্মাই কয় যে- সংকট কালত অসমীয়া ভাষাক উদ্ধাৰ কৰোতাসকলৰ অন্যতম মাইলচ ব্ৰনচনৰ প্ৰচেষ্টাত গঢ় লৈ উঠা নগাঁৱৰ ঐতিহ্যমণ্ডিত বেপ্টিষ্ট চাৰ্চৰ এক সুকীয়া পৰিচয় আছে । ঐতিহ্য বহনকাৰী এই গীৰ্জাক লৈ আমি গৌৰৱান্বিত। সকলোৰে আদৰৰ এই বা চাৰ্চক সুন্দৰকৈ ৰখাটো আমাৰ কতৰ্ব্য। সেয়ে বেপ্টিষ্ট চাৰ্চৰ সভাগৃহ আৰু আন্ত:গাঠনি উন্নয়নৰ বাবে অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ জৰিয়তে ৫ লাখ টকাৰ অনুদান আগবঢ়োৱা হৈছে । ইয়াৰ পূৰ্বেও অসম দৰ্শন আচঁনিৰ অধীনত নগাঁও বেপ্টিষ্ট চাৰ্চলৈ ১০ লাখ টকাৰ অনুদান আগবঢ়াইছিল বিধায়ক গৰাকীয়ে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা