নগাঁৱৰ বগুৰাগুৰিত বিশ্ব হাত ধোৱা দিৱস উদযাপন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ অক্টোবৰঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন একশ্বন ফ'ৰ ৰুৰেল প'ৰৰ ব্যৱস্থাপনাত বৃহস্পতিবাৰে নগাঁও জিলাৰ বগুৰাগুৰি এডভান্স একাডেমী প্ৰাংগনত বিশ্ব হাত ধোৱা দিৱস উদযাপনৰ লগতে এখনি কৰ’না সজাগতা সভাও অনুষ্ঠিত কৰা হয় । এই মৰ্মে পুৱাৰ ভাগত একাডেমী প্ৰাংগনত গছপুলি ৰোপণ, সজাগতা মূলক পদযাত্ৰা, হাত ধোৱা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত সজাগতা সভাখনি অনুষ্ঠিত কৰা হয় । বগুৰাগুৰি এডভান্স একাডেমীৰ মুখ্য পৃষ্ঠপোষক নাচিৰ উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ উপস্থিত থাকি বৰ্তমান সময়ত ক’ভিড প্ৰট’কল মানি চলি মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি সকলোকে সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিবলৈ আহ্বান জনোৱাৰ বিপৰীতে একশ্বন ফ'ৰ ৰুৰেল প'ৰৰ সাধাৰণ সম্পাদক ছাইব আলীয়েও কৰ’নাৰ সজাগতা সন্দৰ্ভত বক্তব্য দাঙি ধৰে ৷ সভাত বগুৰাগুৰি এডভান্স একাডেমীৰ বিষয় শিক্ষক মতিউৰ ৰহমান, মিজানুৰ ৰহমান, যুৱ সংগঠক তথা ডি টি এইছৰ সম্পাদক আফজালুৰ ৰহমান, টি এফ এছৰ সভানেত্ৰী শ্বেহেনা ৰৌজ, ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক আজমল কবিৰ, ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱিকা আকলিমা বেগম আৰু আশ্বিকুৰ ৰহমান, হাফিজ উদ্দিন, আবুবক্কৰ ছিদ্দিক আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত  আছিল ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা