সংস্কৃত ভাৰতীৰ জৰিয়তে বিনামূলীয়া অনলাইন সংস্কৃত সম্ভাষণ শিবিৰৰ সহশ্ৰাধিক শিক্ষাৰ্থী অংশগ্ৰহণৰে সফল সমাপ্তি
সংস্কৃত ভাৰতীৰ ১৫ দিনীয়া সংস্কৃত সম্ভাষণ শিবিৰৰ ৫ অক্টোবৰত সফল সমাপ্তি ঘটে । যোৱা ২০ চেপ্তেম্বৰ পৰা ০৫ অক্টোবৰ ২০২০ লৈ এই ১৫ দিনীয়া কাৰ্যসূচী লৈ সংস্কৃত ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ উদ্যোগত এক বিনামূলীয়া অনলাইন সংস্কৃত সম্ভাষণ বৰ্গৰ আয়োজন কৰা হৈছিল । গুৱাহাটী জ্যোতিকুছিস্হিত সংস্কৃত ভাৰতীৰ কাৰ্যালয়ৰ পৰা সঞ্চালিত বৰ্গত উত্তৰ অসম প্ৰান্তৰ ফালৰ পৰা, অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু দক্ষিণ অসম প্ৰান্তৰ পৰা দক্ষিণ অসমৰ জিলাসমূহৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যকেইখনক সামৰি লোৱা হয়। এই গোটেইকেইখন ৰাজ্য তথা জিলাত একেলগেই '' পূৰ্বোত্তৰ সংস্কৃত অভিযান'' নামেৰে এইলানি সংস্কৃত সম্ভাষণ বৰ্গ সম্পূৰ্ণ আধুনিক মাধ্যমেৰে চলোৱা হৈছিল । তাত বিভিন্ন বিদ্যালয় - মহাবিদ্যালয়ৰ শিক্ষক - শিক্ষাৰ্থীৰ লগতে বিভিন্ন বিভাগত কৰ্মৰত ব্যক্তি সকল, সমাজৰ ক্ষেত্ৰৰ ব্যক্তিৰ পৰা জ্যেষ্ঠ ব্যক্তিলৈ সকলোৱে সংস্কৃত শিকিবলৈ বৰ উৎসুকতাৰে অংশ গ্ৰহণ কৰে। সংস্কৃতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সংস্কৃত ভাৰতী এই মহান প্ৰয়াসক সকলো শলাগিছে। শিবিৰ বিভিন্ন প্ৰান্তৰ শতাধিক শিক্ষাৰ্থী অংশগ্ৰহণ কৰে। অকল সংস্কৃততেই নহয় সংস্কৃত ভাৰতীয়ে লকডাউনৰ সময়ছোৱাত অনলাইনযোগে সুভাষিত-গায়ন-প্ৰতিযোগিতা শীৰ্যক এটি সংস্কৃত শ্লোক প্ৰতিযোগিতাও অনুষ্ঠিত কৰে। লকডাউনৰ প্ৰাৰম্ভৰে পৰা বিভিন্ন বিষয়ৰ বক্ততা অনুষ্ঠানৰো অনুষ্ঠিত কৰি আহিছে।
সংস্কৃত ভাৰতীৰ উদ্যোগত অনুস্থিত শিবিৰসমূহে সমাজত সংস্কতৰ উত্থানৰ ক্ষেত্ৰত ভুমিকা লৈ সমাজত সংস্কৃতৰ প্ৰচলনৰ ক্ষেত্ৰত নব জাগৰণ আনিবলৈ সক্ষম হৈছে । সংস্কৃত ভাষা সুমধুৰ হোৱা লগতে প্ৰায়বোৰ ভাৰতীয় ভাষাৰে ই জননী। সংস্কৃতৰ শ্লোক মানুহৰ জীৱন যাত্ৰাত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাই। সংস্কৃত ভাৰতীয়ে সংস্কৃত ভাষা ব্যৱহাৰৰে ইয়াৰ হেৰুৱা গৌৰৱ গৰিমা পুনৰ উদ্ধাৰ কৰাৰ প্ৰয়াস ব্ৰতী। সংস্কৃত ভাৰতীৰ এই প্ৰয়াসৰ আজি নৱপ্ৰজন্ম সংস্কৃতৰ প্ৰতি আকৰ্ষিত হৈছে।
৫ অক্টোবৰত সমাপন সমাৰোহ অনুস্থানত মূখ্য বক্তাৰ ভাষণ দি দিনেশ কামাঠে সমগ্ৰ অংশগ্ৰহণকাৰীক সংস্কৃতৰ প্ৰচাৰ প্ৰসাৰৰ বাবে আত্মনিয়োগ কৰিবলৈ কয়। ইয়াৰ লগতে তেওঁ কয় যে সংস্কৃত ভাষাত সম্প্ৰতিও বিভিন্ন জ্ঞানৰ খাজনা লুকাই আছে। কিন্তু সংস্কৃত নপঢ়াকৈ অনুবাদ শাস্ত্ৰ পঢ়ি এই সম্পদ কোনেও উদ্ধাৰৰ কৰিব নোৱাৰে। গতিকে সংস্কৃত পঢ়ি স্বাস্থ্য, বিজ্ঞান আদি বিভিন্ন ক্ষেত্ৰত থকা এই জ্ঞানভাণ্ডাৰ উলিয়াই আনি আজি আমাৰ দেশৰ নাম বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰৰ সময় আহিছে। তাৰ অন্য এক উদাহৰণ স্বৰূপে ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোগৰ ওপৰত কৰা সফল প্ৰচেষ্টাৰ কথা সোঁৱৰে। সংস্কৃতত ৰচিত যোগ শাস্ত্ৰ আধুনিক বিশ্বই মানি লবলৈ বাধ্য হোৱাৰ দৰে আয়ুৰ্বেদকে ধৰি সকলো ক্ষেত্ৰতে বিশ্বকল্যানৰ বাবে আমাৰ কৰণীয় বহুত আছে যি সংস্কৃতৰ প্ৰচাৰ প্ৰসাৰৰ জৰিয়তে সম্পূৰ্ণ সম্ভৱ হব বুলি তেওঁ কয়।
মূখ্য অতিথিৰ ভাষণত UGCৰ সন্মানীয় সদস্য ড°কিৰণ হাজৰিকা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঐতিহ্য সংস্কৃতিৰ বিস্তৃত অধ্যয়ণৰ বাবে উত্তৰ পূৰ্বাঞ্চলত সংস্কৃত ভাষাৰ অধ্যাপন আৰু অধ্যয়ণৰ প্ৰয়োজনীয়তাৰ কথা দৃঢ়তাৰে উল্লেখ কৰে।
অনুষ্ঠানত শিক্ষাৰ্থী ৰূপে উপস্থিত থাকি অসম বিশ্ববিদ্যালয়ৰ ডিফু পৰিসৰৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড° দুলেন বৰাই নিজৰ অনুভৱ কথনত সংস্কৃত বৰ্গৰ জৰিয়তে লাভান্বিত হোৱা বুলি মত পোষণ কৰে।
সম্পূৰ্ণ সংস্কৃতময় পৰিবেশেৰে অনুষ্ঠিত উক্ত সমাপন সমাৰোহ অনুষ্ঠানত লোনা শইকীয়া, ৰিপুঞ্জয় চৌধুৰীকে ধৰি বিভিন্নজন শিক্ষাৰ্থীনে নিজৰ নিজৰ দায়িত্ববোৰ নিয়াৰিকৈ পালন কৰে।
সংস্কৃত ভাৰতী উত্তৰ পুৰ্বাঞ্চলৰ সভাপতি কুমুদ বৰঠাকুৰৰ সভাপতিত্বত তথা সংস্কৃত ভাৰতীৰ
উত্তৰ অসম প্ৰান্তৰ সংগঠনমন্ত্ৰী ভৱেন শইকীয়া আৰু দক্ষিণ অসম প্ৰান্তৰ সংগঠনমন্ত্ৰী ড° ৰঞ্জীত কুমাৰ তিৱাৰীৰ সুদক্ষ পৰিচালনাত সমগ্ৰ অনুষ্ঠানটোৰ সফল পৰিসমাপ্তি হয় বুলি জানিব পৰা গৈছে ।
Comments
Post a Comment