বৰপেটাত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

দেশৰ ঐক্যৰ হকে সংকল্পবদ্ধ হোৱাৰ আহ্বান উপায়ুক্তৰ*।                        

বৰপেটা,৩১ অক্টোবৰ: " আমি সকলো ভাৰতীয় নাগৰিক হিচাপে দেশৰ ঐক্য আৰু অখণ্ডতা ৰক্ষাৰ বাবে সংকল্পবদ্ধ হোৱা উচিত"। আজি বৰপেটাত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এইদৰে কয়। বৰপেটা পৌৰসভাৰ খেলপথাৰত আয়োজিত এই অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে দেশৰ ঐক্য-সংহতি ৰক্ষাৰ স্বাৰ্থত চৰ্দাৰ বল্লভভাই পেটেলৰ মহান আদৰ্শ আমি জীয়াই ৰাখিব‌ই লাগিব। উপায়ুক্ত গৰাকীয়ে অনুষ্ঠানত উপস্থিত ছাত্ৰ-ছাত্ৰী তথা সমবেত ৰাইজক ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ শপত বাক্য পাঠ কৰায়।  মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড: বাবুল চন্দ্ৰ দাসে আমন্ত্ৰিত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱন আৰু আদৰ্শৰ বিভিন্ন দিশৰ বিষয়ে চমু অথচ আকৰ্ষণীয় ভাষণ প্ৰদান কৰে। তেওঁ কয় যে চৰ্দাৰ পেটেল অবিহনে হয়তো আমি আজিৰ দৰে বিশাল দেশখন নাপালো হেতেন। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আতঁধৰা অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত সান্তনা বৰা আৰু নৱজিৎ পাঠকো উপস্থিত থাকে। পুৱা ৭ বজাতে অনুষ্ঠিত এই অনুষ্ঠানটো পিছতে জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়, জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় প্ৰমুখ্যে সকলো বিভাগীয় বিষয়াৰ কাৰ্যালয়ত বিষয়া সকলে নিজ নিজ কাৰ্যালয়ৰ কৰ্মচাৰীক ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ শপত বাক্য পাঠ কৰোৱায়।

বৰপেটাৰ পৰা কঞ্জল দাসৰ ৰিপ'ৰ্ট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা