গুণসম্পন্ন স্বাস্থ্য সেৱা আগবঢ়াবলৈ একত্ৰিত হ'ল এইচডিএফচি বেংক আৰু এপ'ল' হাস্পতাল
যিকোনো মুহূৰ্তত এইচডিএফচি বেংকৰ গ্ৰাহকে এপ'ল' ফোন সেৱা ২৪/৭ প্লেটফর্মৰে কথা পাতিব পাৰিব চিকিৎসকৰে
প্ৰতিদিনে এপ'ল' হাস্পাতালৰ চিকিৎসাত থাকিব বিত্তীয় সহায়
ষ্টাফ ৰিপ'ৰ্টাৰ,,,,৭ অক্টোবৰ: একক প্ৰচেষ্টাত দেশত প্ৰথমবাৰ অগ্ৰণী বেংক প্ৰতিষ্ঠান এইচডিএফচি বেংক আৰু আগশাৰীৰ চিকিৎসালয় এপ'ল' হাস্পতাল এক হৈ 'স্বাস্থ্যকৰ জীৱন কাৰ্যসূচী' আৰম্ভ কৰিছে। সহজসাধ্য চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এপ'ল'ৰ ডিজিটেল প্লেটফর্ম এপ'ল' ২৪/৭ এ স্বাস্থ্য জীৱন আৰু সহজসাধ্য স্বাস্থ্য সেৱাৰ সমাধান আগবঢ়োৱাত সদাপ্ৰস্তুত থাকিব। এই কাৰ্যসূচী বিশেষভাৱে এইচডিএফচি বেংকৰ গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে। যিসকলে সকলো সময়তে বিনামূলীয়াকৈ এপ'ল' ২৪/৭ প্লেটফর্মৰদ্বাৰা হাস্পতালখনৰ জৰুৰীকালীন চিকিৎসকৰ সেৱা লাভ কৰিব পাৰিব। লগতে সকলো এপ'ল' হাস্পতালত চিকিৎসাৰ বাবদ মাচুল পৰিশোধ বিকল্প আৰু বিত্তীয় সহযোগিতা লাভ কৰিব। যাৰ দ্বাৰা এইচডিএফচি বেংকৰ গ্ৰাহকসকল চিকিৎসা লাভৰ ক্ষেত্ৰত উপকৃত হ'ব।
এই কাৰ্যসূচী ডিজিটেল মাধ্যমৰে মুকলি কৰে এইচডিএফচি বেংকৰ পৰিচালনা সঞ্চালক আদিত্য পুৰি, এপ'ল' হাস্পতাল গ্রুপৰ সঞ্চালক ডাঃ প্ৰতাপ চি ৰেড্ডী (Dr.Prathap C Reddy), কাৰ্যবাহী উপ-সঞ্চালক শোভনা কামিনেনী আৰু এইচডিএফচি বেংকৰ এমডি শশিধৰ জগদিশনে। চিকিৎসাজনিত জৰুৰীকালীন পৰিস্থিতিত দুটা ডাঙৰ প্ৰত্যাহ্বান বা স্বাস্থ্যবান কৰি ৰখাই হৈছে বিশ্বাসযোগ্য, গুণসম্পন্ন স্বাস্থ্য সেৱা আৰু সহজ বিত্তীয় ব্যৱস্থা। এই ক্ষেত্ৰত নিজ নিজ ক্ষেত্ৰৰ দুটা অগ্ৰণী খেলুৱৈ একলগ হোৱাৰ উদ্দেশ্য হৈছে দুয়োটাৰ পৰিসৰ বহল।দেশৰ প্ৰায় ৪০ শতাংশ লোক কেৱল এপ'ল' ফাৰ্মাচীৰ পৰা ৩০ মিনিটৰ দূৰত্বত থকাৰ বিপৰীতে দেশৰ ৮৫ শতাংশৰো অধিক জিলাত এইচডিএফচি বেংকৰ শাখাই সেৱা প্ৰদান কৰি আছে। দুয়োটা প্ৰতিষ্ঠানে আৰম্ভণিতে ৬৫ নিযুত লোকক সেৱা প্ৰদানৰ ক্ষমতা লাভৰ অভিজ্ঞতা আছে। এই যাত্ৰা আৰু বহল পৰিসৰলৈ আগুৱাই নিব বিচাৰিছে তেওঁলোকে। 'এখন সুস্থ ভাৰত গঢ়ি তোলাৰ এইটো প্ৰথম বাস্তৱ সন্মত পদক্ষেপ হ'ব। মোৰ বাবে এয়া চমু স্বাস্থ্য অভিযান হ'ব, যাৰ দ্বাৰা দেশৰ নিযুত সংখ্যাক লোকে গুণসম্পন্ন স্বাস্থ্য সেৱা লাভ কৰিব পাৰিব। ইয়ে দেশত এক নতুন জনজাগৰণৰ সৃষ্টি কৰিব। যিকোনো সময়তে, যিকোনো ঠাইৰ পৰা চিকিৎসা সেৱা লাভ কৰিব পাৰিব। তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই কাৰ্যসূচী আৰম্ভ কৰিছে। স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য অভিযানৰদ্বাৰা সকলোৰে বাবে স্বাস্থ্য সেৱা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰীয়ে। এই অভিযান আৰম্ভ কৰি সুখী আৰু গৌৰৱবোধ অনুভৱ কৰিছোঁ।' এনেদৰে কয় এইচডিএফচি বেংকৰ পৰিচালন সঞ্চালক আদিত্য পুৰিয়ে।আনহাতে এপ'ল' হাস্পতাল গ্রুপৰ সঞ্চালক ডাঃ প্ৰতাপ চি ৰেড্ডীয়ে এই সন্দৰ্ভত কয় " এইচডিএফচি বেংকৰ সৈতে অংশীদাৰ হ'বলৈ পায় আনন্দিত হৈছোঁ। এপ'ল ২৪/৭ এ সকলো সময়তে এপ'ল'ৰ বিশ্বমানৰ বিশেষজ্ঞৰ দ্বাৰা চিকিৎসা সেৱা সমন্ধীয় পৰামৰ্শ আগবঢ়াই আহিছে। মই নিশ্চিত যে এই এছ'চিয়েছনে আমাৰ দেশৰ স্বাস্থ্য সেৱা আৰু বিত্তীয় দুয়োটা খণ্ডতে ইতিবাচক পৰিৱৰ্তন আনিব। প্ৰধানমন্ত্ৰীৰ লক্ষ্যই হৈছে সুস্থ ভাৰত গঢ়াৰ।
এই কাৰ্যসূচীত এইসমূহ সুবিধা অন্তৰ্ভুক্ত হৈ আছে-
স্বাস্থ্য জীৱন কাৰ্যসূচী
১. যিকোনো মুহূৰ্তত এপ'ল' চিকিৎসকৰে বিনামূলীয়াকৈ ফোন সেৱাৰে কথা পতাৰ সুবিধা
২. ১বছৰলৈ এজন এপ'ল'ৰ পৰিপূৰক সদস্যতা
৩. দীৰ্ঘম্যাদী যত্নৰ কাৰ্যসূচী এপ'ল' ২৪/৭ৰ
৪. এপ'ল'ৰ সদস্যলৈ ২৪/৭ বিশেষ ৰেহায়ৰে ঔষধৰ হোম ডেলিভাৰী
৫. হোৱাটছএপ আধাৰিত পৰিচয় সেৱা
৬. ব্যাপক স্বাস্থ্য পৰীক্ষা
বিত্তীয়
১. ৪০ লাখ টকালৈকে পূৰ্ব-অনুমোদিত ব্যক্তিগত ঋণ
২. ১০ছেকেণ্ডত ব্যক্তিগত ঋণ বিতৰণ
৩. ক্ৰেডিট বা ডেবিট কাৰ্ডত নাথাকিব কোনো ইএমআই
৪. লাইফকেয়াৰ ফাইনেন্সৰ সহজ ইএমআইয়ে আৱৰিব চকুৰ যত্ন, দাঁতৰ যত্ন, প্ৰসূতি, ভিভিএফক
৫. কাৰ্ডত ইএমআইৰ সৈতে ক্ৰেডিট কাৰ্ডৰ সুবিধা, লগতে ৰেহাই, ব্যয় আধাৰিত ৰেহাই, পৰিচয় সুবিধাসমূহ।
উল্লেখযোগ্য যে,ইয়াৰ উপৰিও এইচডিএফচি বেংকে সকলো এপ'ল' কৰ্মচাৰী আৰু গ্ৰাহকক বেংকিং সামগ্ৰীসহ চিকিৎসা সঁজুলিৰ বাবে ঋণ আগবঢ়াব।
Comments
Post a Comment