টুপীয়া-বালিজুৰী সংযোগী অত্যাধুনিক পথৰ দুয়োপাৰে সীমা নিৰ্ধাৰণ বিধায়ক পদ্ম হাজৰিকাৰ

 টুপীয়া-বালিজুৰী সংযোগী অত্যাধুনিক পথৰ দুয়োপাৰে সীমা নিৰ্ধাৰণ বিধায়ক পদ্ম হাজৰিকাৰ : ৰাইজে যথেষ্ট সহায়-সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিলে বিধায়ক পদ্মক । 


আজি চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই নিজেই উপস্থিত হৈ  টুপীয়া, ৰঙাচকুৱা, মৰিসুটি, বালিজুৰি অত্যাধুনিক পথৰ নিৰ্মান কাৰ্য্যৰ বাবে ৰাইজৰ লগত মত বিনিময় কৰি পথৰ দুয়োপাৰে সীমা নিৰ্ধাৰণ কৰি দিয়ে  । বিধায়ক গৰাকীয়ে ৰঙাচকুৱাত উপস্থিত হৈ তেওঁৰ ভাষন প্ৰসংগত কয় যে "৪৫.৫৯ কোটি টকা ব্যয়ৰে নিৰ্মান কৰিব লগীয়া এই অত্যাধুনিক পথটি মোৰ বিধায়ক জীৱনৰ আটাইতকৈ ব্যয় বহুল পথ । মুঢ়াদ'ল মৌজাৰ যাতায়াতৰ ক্ষেত্ৰত এই দীৰ্ঘকালীন সমস্যাটো সমাধান কৰিবলৈ সক্ষম হৈ মই গৌৰৱ বোধ কৰিছো, আনন্দিত হৈছোঁ । ইমান বিশাল পুঁজিৰ অনুমোদনৰে এই বৃহত্তম কাৰ্য্যটি বাস্তৱায়িত কৰাৰ মূল ৰূপকাৰ মাননীয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ।" বিধায়ক পদ্মই জানিবলৈ দিয়া মতে এই অত্যাধুনিক পথটোৰ দুয়োপাৰে মুঠ ১০ মিটাৰকৈ বঢ়োৱা হ'ব । উক্ত চৰকাৰী মাটিত যি সকলৰ ঘৰৰ বা নামঘৰ-মন্দিৰৰ পকী ৱাল, দোকান আদি নিৰ্ধাৰণ কৰা সীমাত অন্তভুক্ত হৈছে সেইবোৰ নিজে-নিজেই ভাঙি আতৰাই দিবলৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰে । ইয়াৰ উপৰিও ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰৰ মাজমজিয়াত নিৰ্মান হৈ থকা সামুহিক ভৱনটোৰো পৰিদৰ্শন কৰে বিধায়ক পদ্ম হাজৰিকাই । উক্ত অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বিপ কাকতী, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল, পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱীৰ লগতে বহুকেইজন গন্য-মান্য ব্যক্তি ।
জামুগুৰিহাটৰ পৰা জোন বৰা

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা