নগাঁৱৰ পশ্চিমাঞ্চলত ব্যাপক ওলহ-মালহেৰে কাতি বিহু পালন≈≈আকাশ বন্তিৰে উজ্বলিল খেতি-পথাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ অক্টোবৰঃ বিশ্বত্ৰাস সৃষ্টিকাৰী কৰ’নাই সকলোকে সন্ত্ৰাসিত কৰি ৰখাৰ মাজতে গ্ৰামাঞ্চলৰ পথাৰে পথাৰে এতিয়া বিয়পি পৰিছে সজলধৰা ধানৰ সোণালী আভা ৷ গতিকে একে এক প্ৰাণোজ্জ্বল পৰিবেশৰ মাজতে কৃষিজীৱি লোকৰ বুকুৰ আপোন খেতি-পথাৰ শস্য শ্যামলা হোৱাৰ কামনাৰে আজি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাবাসী লোকসকলেও উৎসাহ-উদ্দীপনাৰে পালন কৰে কাতি বিহু ৷ তদনুযায়ী আগচোতালৰ তুলসী বৃক্ষৰ তলত আৰু খেতি-পথাৰত গৃহিনীয়ে চাকি-বন্তি জ্বলাই সেৱা আগবঢ়োৱাৰ বিপৰীতে এই বিহুৰ আনুষংগিক পৰম্পৰা হিচাপে কৃষিভূমিত লহপহকৈ বাঢ়ি অহা ধাননিডৰাত কৃষকে আকাশ বন্তি জ্বলায় ৷ উল্লেখ্য,বিগত বৰ্ষত প্ৰতিকূল বতৰৰ বাবেই ধানখেতি সুকলমে কৰিব নোৱাৰা অধিকাংশ নগঞা কৃষকে পৰম্পৰাগতভাবে কাতি বিহু পালন কৰিব পৰা নাছিল ৷ কিন্তু এইবেলি তেনে বেদনাদায়ক পৰিস্থিতিৰ উদ্ভৱ নোহোৱাত নগঞা ৰাইজে সুকলমে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে কাতি বিহু পালন কৰা দেখা যায় ৷ জিলাখনৰ বেবেজীয়াকে প্ৰমুখ্য কৰি ইয়াৰ দাঁতি কাষৰীয়া সকলো গ্ৰামাঞ্চলতে পূৰ্ব পৰম্পৰা অনুসৰি গঞাই থোৰ মেলা তথা গেৰ ধৰা ধানেৰে লহপহীয়া হৈ পৰা ধাননি পথাৰত অনিষ্টকাৰী পোক-পতংগৰ পৰা ৰক্ষা কৰিবলৈ চোৱা গছৰ ডাল পুতি আৰু জাকে জাকে যুৱক-যুৱতী তথা মহিলাৰ দল পথাৰলৈ গৈ হাঁহি-ধেমালীৰ মাজেৰে ৰবাব টেঙা খাই তাৰ বাকলিবোৰ ঠন ধৰি উঠা ধাননিডৰালৈ দলিয়াই দি আনন্দত আত্মহাৰা হৈ পৰে ৷ তদুপৰি বয়োজ্যেষ্ঠসকলে সেউজীয়া ধাননি পথাৰৰ মাজে মাজে মাহ-শৰাই আৰু চাকি-বন্তি দিয়াৰ বিপৰীতে আকাশ বন্তি লগাই অনাগত দিনবোৰ ধনে-ধানে ভৰি পৰাৰ লগতে সুখ-শানঁতি বিৰাজমান হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনায় ৷ আনকি কণ কণ শিশুসকলেও সন্ধিয়া তুলসীৰ তলে তলে নাম লগাই আআন্দ-স্ফূৰ্তিত মতলীয়া হৈ পৰা দৃশ্যই এক সুকীয়া পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয় ৷
===============

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা