হাজোৰ বুল্লুট-বৰছলিৰ তিনি গৰাকী NEET,JEEপৰীক্ষাত উত্তীৰ্ণ

হাজোৰ বুল্লুট-বৰছলিলৈ ‌সূখবৰ

NEET,JEEপৰীক্ষাত উত্তীৰ্ণ তিনি গৰাকী 

ছাত্ৰ:দল-সংগঠনৰ অভিনন্দন

পঙ্কজ নাথ, চাংসাৰি, ২০ অক্টোবৰ :

 ভাৰতীয় মেডিকেল  প্ৰৱেশিকা পৰীক্ষা আৰু জেইই পৰীক্ষাত সূখ্যাতিৰে উত্তীৰ্ণ হৈ হাজোৰ তিনি গৰাকী ছাত্ৰই হাজো লৈ গৌৰৱ কঢ়িয়াই অানিছে।

 সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশিকা পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত  ৫৬০ নম্বৰ পাই যোগ্যতা অৰ্জন কৰি হাজো অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে আব্দুল লতিফে৷ 

মেধা ছাত্ৰজনে NEETত উত্তীৰ্ণ হোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছৰে পৰা বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰিছে৷

আজি হাজোৰ বৰছলিৰ আব্দুল লতিফৰ বাসগৃহত প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা নুৰুল হুছেইনৰ নেতৃত্বত অগপৰ সজাতি  এটা দলে উপস্হিত হয়।

আব্দুল লতিফৰ আগন্তুক সময়ত অধ্যয়নৰ ক্ষেত্ৰত প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইনে সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে বুল্লুট বজাৰৰ আন এগৰাকী
ছৈয়ব আখতাৰে মুঠ ৭২০ নম্বৰৰ ভিতৰত ৬১৯ নম্বৰ পাই যোগ্যতা অৰ্জন কৰিছে আৰু হাজো বাসীক গৌৰাম্বিত কৰিছে ।

বুল্লুট খোপনিকুছিৰ নুৰুল ইছলাম আৰু চাহিদা বেগমৰ পূত্ৰ ছোৱাইব আকতাৰে 2020 বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা ও প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ 619 ন্ং লাভ কৰি হাজো অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। 

লগতে  জেইই পৰীক্ষাত খোপনিকুছি গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ বছিৰুদ্দিন আহমেদৰ পূত্ৰ ফাৰুক আব্দুল্লাই 97.14% লাভ কৰি গৌৰৱ কঢ়িয়াই আনে।

আজি তিনিও গৰাকী কৃতী ছাত্ৰক উত্তৰ হাজো মণ্ডল বিজেপি সংখ্যা লঘু মৰ্চা ৰ সভাপতি ছাকিমুদ্দিন আহমেদ , হাজো মণ্ডল বিজেপি সংখ্যা লঘু মৰ্চা ৰ সভাপতি ইফতাৰুদ্দিন আহমেদ আৰু বিজেপি নেতা কৰ্মী য়ে বাস গৃহ ত উপস্হিত হৈ ফুলাম গামোচা,ফুলাম জাপিৰে অভিনন্দন জনাই।
কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা