সমাজসেৱিকা সন্তোষ শৰ্মালৈ গ্ল'বেল গান্ধী পিচ এৱাৰ্ড-২০২০ বঁটা



ষ্টাফ ৰিপ'ৰ্টাৰ,,৫ অক্টোবৰ
জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫১তম জন্মজয়ন্তী উপলক্ষে স্বৰ্ণ ভাৰত পৰিবাৰ, দিশা ফাউণ্ডেচন আৰু উদয় কৌশল সংস্থাৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে আন্তৰ্জাতিক যুৱ উন্নয়ন আৰু বিশ্বব্যাপী গান্ধী সন্মিলন বঁটা (২০২০)ৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত অষ্ট্ৰেলিয়া, শ্ৰীলংকা,নেপাল আদিকে ধৰি ৩০ খনৰো অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সন্মিলনৰ সময়ত ব্যক্তিগত স্তৰত শান্তি স্থাপনৰ বাবে দিনে- নিশাই কাম কৰা নিৰ্বাচিত ব্যক্তিসকলক বিশ্বব্যাপী গান্ধী শান্তি বঁটা -২০২০ প্ৰদান কৰা হয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ সমাজকর্মী তথা সংগীত শিল্পী সন্তোষ শৰ্মাই এই আন্তৰ্জাতিক সন্মান লাভ কৰিবলৈ সক্ষম হয়। স্বৰ্ণ ভাৰত পৰিবাৰৰ ৰাষ্ট্ৰীয় সভাপতি পীয়ুষ পাণ্ডেই এই সন্দৰ্ভত কয়" ভাৰতীয় বাছনি সমিতিত প্ৰাক্তন সত্ৰ ন্যায়াধীশ উদয় চন্দ্ৰ বাৰুপাল, ড০ বাল্মিকী পুনম খাংগাৰেট কাঞ্চন শৰ্মা আৰু অনিতা দেৱী উপস্থিত আছিল।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা