ৰাজ্যত বিয়াগোম বীমা কেলেংকাৰীঃ পুনৰ দুই প্ৰবঞ্চক আৰক্ষীৰ জালত

প্ৰতিবেদক, ৰঙিয়া ,১৬  অক্টোবৰঃ সমগ্ৰ ৰাজ্যত তীব্ৰ জোকাৰণি সৃষ্টি কৰা ৰঙিয়াত জালিয়াতিৰে মটৰ এক্সিডেন্ট ক্লেলমছ্ ট্ৰিবিউনেলৰ (এমএচিটি) জৰিয়তে ১৫ লাখ টকা বীমাৰ ধন সৰকাবলৈ গৈ ৰঙিয়া আৰক্ষীৰ জালত পৰা দুই মহিলা অধিবক্তা সহ চাৰি প্ৰৱঞ্চকক আটক কৰাৰ ৪৮ ঘন্টা পাৰ নৌহওঁতেই এই জালিয়াতি ঘটনাৰ লগত জড়িত দুই দালালক আজি ৰঙিয়াৰ আৰক্ষীয়ে অতি কৌশলেৰে আত্মগোপন কৰি থকা অৱস্থাত বাইহাটা চাৰিআলিৰ পৰা আটক কৰিবলৈ সক্ষম হয়। আটকাধীন দালাল দুজন হল গুৱাহাটী বশিষ্টৰ দিনেশ হালৈ আৰু নুনমাটিৰ হেমন্ত দাস। ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি সাধাৰণ পোছাকত গৈ এই দুই দালালক কৰায়ত্ব কৰে। উল্লেখ্য গুৱাহাটী নুনমাটিৰ শালবাৰী অঞ্চলৰ কনক ঠাকুৰীয়াই তেওঁৰ নিকট আত্মীয় ৰূপা ঠাকুৰীয়া আৰু তেওঁৰ পুত্ৰ হিমাংশু ঠাকুৰীয়াৰ হৈ কামৰূপৰ এমএচিটি আদালত এটি গোচৰ ৰুজু কৰে। গোচৰৰ অনুসৰি ২০১৯ বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছেপ্তীত এক পথ দুৰ্ঘটনাত ৰূপা ঠাকুৰীয়াৰ স্বামীৰ মৃত্যু হোৱা বুলি দাবী কৰি বীমা ৰাশিৰ বাবে ২৪২১/১৯ নম্বৰত গোচৰ ৰুজু কৰে। গোচৰটোৰ অন্তিম পৰ্যায়ত উপনীত হোৱাৰ সময়তে ফৰিয়াদী পক্ষ হিচাপে থকা ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ লিমিটেড কৰ্তৃপক্ষৰ সন্দেহ উপজে। কৰ্তৃপক্ষই গোচৰটোৰ নথিপত্ৰ সমূহ পুনৰীক্ষণৰ বাবে ৰঙিয়া সদৰ থানাত যোগাযোগ কৰাত আৰক্ষীয়ে গোচৰটোৰ লগত দাখিল কৰা নথিপত্ৰ সমূহ পূংখানুপূংখ ভাৱে পৰীক্ষা কৰাতহে এই বৃহৎ কেলেংকাৰী পোহৰলৈ আহে।প্ৰসঙ্গত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন দাসৰ তৎপৰতা পোহৰলৈ অহা জালিয়াতিৰ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুগৰাকী অধিবক্তা সহ চাৰিজনক আটক কৰিবলৈ  সক্ষম হৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, যোৱা বছৰ ৰঙিয়া থানাত পকছ' আইনত পঞ্জীয়ন হোৱা এটা ধৰ্ষণৰ গোচৰ ( গোচৰ নং ১৩২/১৯ ) এটাক দুৰ্ঘটনা বুলি দেখুৱাই  বীমাৰ ধনৰ বাবে আবেদন কৰিছিল। ধৰ্ষণৰ ঘটনাক দুৰ্ঘটনাৰ ৰূপ দি বীমাৰ ধন জালিয়তিৰে সৰকাব গৈ জালত পৰিছিল চাৰি প্ৰবঞ্চক। ৰাজ্যত এই ধৰনে মটৰ দুৰ্ঘটনাৰ বীমাৰ ধন  জালিয়াতিৰে সৰকোৱাৰ এক বৃহৎ চক্ৰ সক্ৰিয় হৈ আছে বুলি ৰাইজৰ ধাৰনা। এই ক্ষেত্ৰত কেচু খান্দোতে সাপ ওলাব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ইপিনে যোৱা ১৪ অক্টোবৰত ৰঙিয়া আৰক্ষীয়ে আটক কৰা অধিবক্তাদ্বয় ক্ৰমে নিলিমা ভট্টাচাৰ্য্য,ধৰিত্ৰী তালুকদাৰ লগতে তপন কলিতা আৰু উমেশ চন্দ্ৰ বড়োৰ আৰক্ষীৰ জিম্মাত ম্যাদ শেষ হোৱাত আজি ৰঙিয়া মহকুমাৰ ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱাত আদালতে কমলপুৰ আৰক্ষীৰ আবেদনৰ ওপৰত ভিত্তি কৰি তেওঁলোকক কমলপুৰ আৰক্ষীক চমজাই দিয়ে। এই জালিয়াতিৰ ঘটনাৰ আৰু অধিক চক্ৰ জড়িত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা