ৰঙিয়াত কামৰূপ জিলাৰ ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা বিতৰণ
প্ৰতিবেদক, ৰঙিয়া, ৫ অক্টোবৰঃ
অসমৰ খিলঞ্জীয়া ভূমিপুত্র সকলৰ একলাখ ভূমিহীন মানুহক মাটিৰ পট্টা দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বলিষ্ঠ নেতৃত্বাধীন ভাৰতীয় জনতা পার্টি আৰু ইয়াৰ মিত্রগোষ্ঠী চৰকাৰে। কিন্তু সেয়া কোনোৱে বিশ্বাস কৰা নাছিল। কিন্তু এই চৰকাৰখনে আজি অৰ্থাৎ ৫ অক্টোবৰত অসমৰ ২৫ খন জিলাত একো একোজন মন্ত্রী, সাংসদৰ উপস্থিতিত হিতাধিকাৰী সকলক মাটিৰ পট্টা প্ৰদান কৰি এক অভিলেখ সৃষ্টি কৰিছে। আৰু ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ হ'ল মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য ৰাজ্যৰ জলসিঞ্চন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাৰ। তেওঁ আজি ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত কামৰূপ জিলাৰ কেন্দ্ৰীয় পট্টা বিতৰণী অনুুুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে। তেওঁ কয় যে, এইখনেই দেশৰ এক মাত্ৰ চৰকাৰ যি চৰকাৰৰ নেতৃত্বত আজি একলাখ জনসাধাৰণে ভূমি পট্টা পাবলৈ সক্ষম হৈছে। কামৰূপ জিলাৰো ১৪৭৩ জন হিতাধিকাৰীয়ে পট্টা লাভ কৰাত চৰকাৰৰ প্ৰতিশ্ৰুতি সচাঁ বুলি প্ৰমাণিত হৈছে বুলি তেওঁ কয়। প্ৰথমে চৰকাৰে ৩৫ হেজাৰ তাৰ পিছত ৪৫ হেজাৰ আৰু ৫৫ হেজাৰ আৰু আজি ১০০ শতাংশ অৰ্থাৎ যি লক্ষ্য মাত্ৰা নিৰ্ধাৰণ কৰিছিল সেয়া সম্পূর্ণ কৰা বুলি মন্ত্ৰী কলিতাই জানিবলৈ দিয়ে। তেওঁৰ মতে গ্ৰামাঞ্চলৰ হিতাধিকাৰীক একবিঘাকৈ আৰু চহৰ অঞ্চলৰ হিতাধিকাৰীক এক কঠা দহ লেচা ভূমি আবন্টন দিয়া হৈছে । লগতে মন্ত্ৰী কলিতাই কয় যে, চৰকাৰ আহে চৰকাৰ যায়, মানুহৰো ক্ৰমান্বয়ে দিন গৈ আছে, কিন্তু আমাৰ সমস্যাবোৰ বাঢ়ি গৈ আছে। । কিন্তু আমাৰ হাজাৰ হাজাৰ লাখ লাখ খিলঞ্জীয়া ভূমিপুত্ৰ সকল বঞ্চিত হৈ আছিল। আজি অসমৰ সোনোৱাল চৰকাৰে ১ লাখ ভূমিহীন লোকক পট্টা দিবলৈ সক্ষম হৈছে।আমাৰ চাৰিবছৰীয়া চৰকাৰৰ কাৰ্য্যকালত ভূমি পট্টা প্ৰদান এটা মুখ্য কাম আছিল, ইয়াক আজি সম্পূৰ্ণ কৰা হল। আমাৰ সোনোৱাল চৰকাৰৰ দিনত ১২৬ টা সমষ্টিতে উন্নয়ন হৈছে বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত মন্ত্ৰী কলিতাই বিজেপি চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আচনিৰ বিতং আলোচনা কৰাৰ লগতে ইয়াৰ পূূৰ্বে ৰাজ্যত বহু চৰকাৰ আহিল যদিও সাধাৰণ ৰাইজৰ কথা চিন্তা কৰা কোনো চৰকাৰ এতিয়ালৈকে তেওঁ দেখা নাই বুলি মন্ত্ৰী কলিতাই কয়। তেওঁ এই সন্দৰ্ভত কংগ্ৰেছক চোকা ভাষাৰেে সমালোচনা কৰি কয় যে ২০০১ চনত কংগ্ৰেছৰ চৰকাৰ আছিল, আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চৰ অঞ্চলত হেলিকপ্টাৰ লৈ গৈ ভূমিৰ পট্টা প্ৰদান কৰিছিল তেওঁৰ মতে কংগ্ৰেছ চৰকাৰৰ দিনত বান সাহায্য কংগ্ৰেছৰ নেতা পালিনেতাৰ ঘৰলৈ গৈছিল বুুলি উল্লেখ কৰি কংগ্ৰেছ চৰকাৰক কটাক্ষ কৰে। কিন্তু বিজেপি চৰকাৰে কোনোদিনেই দুৰ্নীতি, ভ্ৰষ্টাচাৰক প্ৰশ্ৰয় নিদিয়ে বুলি তেওঁ কয় । কংগ্ৰেছৰ চৰকাৰৰ দিনত ৰেহাই মূল্যত যোগান ধৰা চাউল বৰ্তমানৰ বিজেপি চৰকাৰে বিনামুলীয়াকৈ যোগান ধৰি আছে । গাওঁবুঢ়া সকলক মোবাইল ফোন, মাননি ৪০০০ টকাৰ পৰা ৬০০০ টকা বৃদ্ধি, ২১০০ ছাত্ৰীক স্কুটি প্ৰদান আদিৰ উপৰি ৰঙিয়া সমষ্টিত ২০০ টাৰো অধিক পথ নিৰ্মাণ কৰি তোলা হৈছে বুলি বক্তব্য দাঙি ধৰে মন্ত্ৰী কলিতাই। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰী লৈ ভূমি পট্টা আৰু আবন্টন পত্ৰ বিতৰণ অনুষ্ঠানত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতিম কাঠকটীয়া, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পাল, মহকুমা আৰক্ষী বিষয়া মৃগাংক্ষী ডেকা, জিলাখনৰ সকলো ৰাজহ চক্ৰ বিষয়া, মৌজাদাৰ সহ অন্যান্য বিষয়া সকল উপস্থিত থাকে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।
Comments
Post a Comment