জামুগুৰিহাটত ৯০০ দিব্যাংগৰ স্বাস্থ্য পৰীক্ষা

জোন বৰা : চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই গ্ৰহন কৰা এক অভনব পদক্ষেপ আৰু ব্যতিক্ৰমী ব্যৱস্থাই  ৰাইজৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হল ৷ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত পৰিচালিত “কন্যকাই” শুক্ৰবাৰে  জামুগুৰিহাটত এনে এক বৃহৎ অনুস্হান আয়োজন কৰিলে য'ত সমষ্টিটোৰ ৯০০ শৰো অধিক বিশেষ ভাবে সক্ষম বা দিব্যাংগ ব্যক্তিয়ে থলীতে স্বাস্থ্য পৰীক্ষা কৰাই প্ৰমানপত্ৰ লাভ কৰিবলৈ সক্ষম হল ৷ আজিপৰ্য্যন্ত “দিব্যাংগ বা বিশেষভাবে সক্ষম”ৰূপে প্ৰমান পত্ৰ লাভ কৰিবলৈ অপাৰগ হৈ থকা এই সকলে হয়তো চৰকাৰী কাৰ্য্যালয়ৰ দুৱাৰে দুৱাৰে বহুত কষ্টৰ মূৰতহে এই প্ৰমানপত্ৰ লাভ কৰিলেহেতেঁন ৷ কিন্তু বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত শুক্ৰবাৰে ৯০০শ গৰাকী দিব্যাংগ ব্যক্তিয়ে চিকিৎসকৰ হতুৱাই স্বাস্থ্য পৰীক্ষা কৰোৱাই আৰু থলীতে প্ৰমানপত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷ এই সমল ব্যক্তি সকলে এতিয়াৰ পৰা প্ৰতি মাহে  ১০০০ টকাকৈ চৰকাৰী সাহাৰ্য্য লাভ কৰাৰ পথো মুকলি হৈ পৰিল বুলি জানিব পৰা গৈছে  ৷ ৰাজ্যখনৰ ভিতৰতে এনেধৰণৰ পদক্ষেপ প্ৰথম আৰু চতিয়া সমষ্টিতে এই কাৰ্য্যসুচী আৰম্ভ কৰা বুলি বিধায়ক পদ্মই জানিবলৈ দিয়ে ৷ এই কাৰ্য্যসূচীত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগতে সমাজকল্যাণ বিভাগৰ শতাধিক  বিষয়া কৰ্মচাৰীয়ে সেৱা আগবঢ়ায় ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা