বঙাইগাঁৱত আগন্তুক দুৰ্গোৎসৱ সুৰক্ষিত আৰু শান্তিপূৰ্ণ ৰূপত উদযাপনৰ উদ্দেশ্যে পূজা সমিতি সমূহৰ সৈতে জিলা প্ৰশাসনৰ বিশেষ আলোচনা সভা
বঙাইগাঁওঃ৬ অক্টো়ৱৰঃ বঙাইগাঁও জিলাত আগন্তুক দুৰ্গাপূজা সুৰক্ষিত ৰূপত উদযাপন কৰাৰ উদ্দেশ্যেক আগত ৰাখি আজি বঙাইগাঁৱৰ দুৰ্গাপূজা সমিতি সমূহৰ সভাপতি-সম্পাদকসকলৰ সৈতে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ এখন বিশেষ আলোচনা সভা অনুষ্ঠিত হয় ৷ সভাখনত সভাপতিত্ব কৰে জিলা উপায়ুক্ত ডা° এম.এছ. লক্ষ্মী প্ৰিয়াই ৷ সভাত পূজা উদযাপন সমিতিসমূহে পালন কৰিবলগীয়া নীতি-নিয়ম সমূহৰ বিষয়ে অৱগত কৰি উপায়ুক্ত গৰাকীয়ে আগন্তুক দুৰ্গা পূজা উদযাপন এক সুৰক্ষিত উদযাপন হিচাবে পালন কৰাৰ সন্দৰ্ভত পূজা সমিতিৰ বিষয়-ববীয়া সকলৰ মতামত জনাৰ চেষ্টা কৰে। উল্লেখ্য যে এইবাৰ বাট-পথৰ দাঁতিত কোনো ধৰণৰ পূজাৰ পেণ্ডেল নিৰ্মাণ কৰিব নোৱাৰিব।পূজাৰ মণ্ডপৰ দীঘ ২০ ফুট আৰু প্ৰস্থও ২০ ফুটৰ ভিতৰত হ'ব লাগিব বুলি ধার্য কৰা হৈছে। আকষ্মিকভাৱে অগ্নিকাণ্ড হ’লে নিয়ন্ত্ৰণ কৰিবলৈ বালি, পানী, ফায়াৰ এক্সটিংগুইছাৰ মজুত ৰাখিব লাগিব আৰু অন্য যিকোনো সাম্ভাব্য বিপদৰ পৰা হাত হাৰিবলৈ বিশেষ সেৱাসমূহৰ ভিতৰত যেনে স্থানীয় চিকিৎসালয় তথা চিকিৎসকৰ যোগাযোগৰ নম্বৰ, স্থানীয় আৰক্ষী চকীৰ নম্বৰ, অগ্নি নিৰ্বাপক বাহিনীৰ নম্বৰ ইত্যাদি পূজা সমিতি সমূহৰ ওচৰত মজুত থাকিব লাগিব। পূজা উদযাপন স্থলীত চি, চি. টিভিৰ ব্যৱস্থা সুনিশ্চিত কৰিব লাগিব। পূজাৰ দুৰ্গা দেৱীৰ প্ৰতিমাৰ সৰ্বোচ্চ উচ্চতা ৬ ফুটতকৈ বেছি হ'ব নোৱাৰিব ৷ কাৰণ বিসৰ্জনৰ বাবে কেৱল ৫ গৰাকী লোককহে অনুমতি দিয়া হ'ব। এইবাৰ পূৰ্বৰ দৰে আলোকসজ্জা কৰিব নোৱাৰিব আৰু মাইকৰ ব্যৱহাৰৰ পৰাও বিৰত থাকিব লাগিব। আৰতিৰ সময়ছোৱাৰ বাহিৰে বাকী সময়ত ঢাক-ঢোল বজোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বৰ্তমানেও জিলাখনত বাহাল থকা কোভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰখা বিষয়টো গুৰুত্ব সহকাৰে লৈ পূজা মণ্ডপ সমূহৰ ভিতৰচ'ৰাত কেৱল পূজাৰ কাম সম্পাদন কৰা পুৰোহিত আৰু পূজা সমিতিৰ মানুহৰ বাহিৰে অন্য লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে। ইয়াৰ উপৰিও আৰতিৰ সময়ত ৰাইজৰ সমাগমতো এইবাৰ বাধা থাকিব। অৱশ্যে ইচ্ছা কৰিলে প্রসাদ ঘৰত দিয়াৰ ব্যৱস্থা কৰিব পাৰিব। বৰ্তমানৰ অতিমাৰীৰ এই সময়ছোৱাত পূজা উদযাপন সুৰক্ষিত হোৱাৰ ওপৰত জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষ গুৰুত্ব দিয়া হৈছে।এইবাৰ প্ৰতিটো পূজা সমিতিয়ে পূজাস্থলীত উপস্থিত থকা লোকৰ গাৰ তাপমাত্ৰা জোখাৰ ব্যৱস্থা কৰাৰ লগতে চেনিটাইজাৰৰ সু- ব্যৱস্থা কৰিব লাগিব আৰু মাস্ক পাৰিধান কৰাটো সুনিশ্চিত কৰিব লাগিব। ইয়াৰ উপৰিও পূজাত নিয়োগ কৰিবলগীয়া স্বেচ্ছাসেৱকসকলৰ পৰিচয় পত্ৰৰ বাবে নাম, ঠিকনা, ফটোসহ তালিকা আৰক্ষীৰ ওচৰত জমা দিব লাগিব আৰু
সভাপতি-সম্পাদকৰ লগতে সকলো স্বেচ্ছাসেৱকৰে কোভিড-১৯ৰ বাবে স্বাৱ পৰীক্ষা কৰি অহা ২০ অক্টোবৰৰ ভিতৰত পৰীক্ষাৰ ফলাফল প্ৰশাসনক জনাব লাগিব। ইয়াৰ উপৰিও চিচিটিভি কেমেৰা পূজা মণ্ডপৰ সন্মুখত আৰু মণ্ডপৰ পিছফালে সংস্থাপিত কৰাৰ লগতে মণ্ডপৰ চৌপাশ পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুট ৰখাৰ বাবে দুটা ৰঙৰ ডাষ্টবিনৰ ব্যৱস্থা সমিতি সমূহে কৰিব লাগিব। সভাত সভাৰ সভাপতি উপায়ুক্ত ডা°এম.এছ. লক্ষ্মী প্ৰিয়াই পূজা সমিতি সমূহক জনায় যে পূজা মণ্ডপৰ ওচৰত কোনো ধৰণৰ মেলা, অস্থায়ী চাহ-মিঠাইৰ দোকান আদি বহিব নোৱাৰিব আৰু এইবাৰ নৃত্য -গীত প্ৰতিযোগিতা তথা কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবেও কোনো অনুমতি নাথাকিব। ইয়াৰ উপৰিও প্ৰতিমূৰ্তি বিসৰ্জনৰ দিনা পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত বিসৰ্জন পৰ্ব যমাপ্ত কৰিব লাগিব আৰু পথত কোনো ধৰণৰ সমদল উলিয়াব নোৱাৰিব তথা বিসৰ্জনৰ বাবে যোৱা লোক কেইজন মূৰ্তি নিয়া বাহনৰ পৰা নামিব নোৱাৰিব।প্ৰশাসনৰ তৰফৰ পৰা মূৰ্তি ঘাটত বিসৰ্জনৰ ক্ষেত্ৰত দায়িত্বত ন্যস্ত থকা সকলে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব। এইবাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা পূজা উদযাপন এক সুৰক্ষিত উদযাপন হোৱাত বিশেষ ভাৱে গুৰুত্ব আৰোপ কৰা হৈছে আৰু সকলোতকৈ সুৰক্ষিত ৰূপত উদযাপন কৰিবলৈ সক্ষম হোৱা বুলি বিৱেচিত হোৱা পূজা সমিতিক জিলা প্ৰশাসনৰ তৰফৰ পৰা স্বীকৃতি প্ৰদান কৰা হ'ব বুলিও উপায়ুক্ত গৰাকীয়ে ঘোষণা কৰে। এই সভাত উপস্থিত থাকি আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালে পূজা সমিতি সমূহক সুৰক্ষাৰ ক্ষেত্ৰত অৱলম্বন কৰিবলগীয়া সাৱধানতাৰ প্ৰতি সকীয়াই দিয়াৰ লগতে যিহেতু এই উদযাপন এক আস্থা আৰু বিশ্বাসৰ উৎসৱ, সেয়ে কাৰো ধৰ্মীয় অনুভূতিত যাতে আঘাত নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও সকলোকে আহ্বান জনায়। সভাত বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত সকল, চক্ৰ বিষয়া সকল, অন্যান্য বিভাগৰ বিষয়া-কৰ্মচাৰী সকল আৰু বঙাইগাঁও জিলাৰ বিভিন্ন পূজা সমিতি সমূহৰ সভাপতি-সম্পাদক সকল উপস্থিত থাকে৷
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment