কভিড প্ৰটকল মানি উত্তৰ কামৰূপৰ প্ৰাচীনতম দুৰ্গা উত্তৰ গুৱাহাটী ন-গোসাঁইৰ দুৰ্গা পূজাৰ প্ৰস্তুতি



 
ষ্টাফৰিপোৰ্টাৰ, ১৩ অক্টোবৰ : 
উত্তৰ কামৰূপৰ প্ৰাচীনতম দুৰ্গা পূজা ন-গোসাঁই পূজা।
১৮২৬ চনৰ পৰা উত্তৰ গুৱাহাটী ৰজাদুৱাৰ গোসাঁই হাউলিত আয়োজন কৰি অহা  ন-গোসাঁই ঐতিহাসিক দুৰ্গা পূজা পৰম্পৰাগত ধৰ্মীয় প্ৰথাৰে এইবাৰো আয়োজন কৰাৰ প্ৰস্তুতি চলাইছে। ক'ৰণা মহামাৰীয়ে  কালৰূপ ধৰাৰ বাবে শাৰদীয় দুৰ্গোৎসৱ এইবেলি ক'ভিড নিয়ম আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।  সেই অনুসৰি ২২ অক্টোবৰৰ  পৰা ২৬ অক্টোবৰলৈ বৈদিক আৰু তান্ত্ৰিক পদ্ধতিৰে পূজা ভাগ সম্পন্ন কৰা হ'ব । ন-গোসাঁই পৰিয়াল আয়োজক সমিতিৰ দীপ্তি গোস্বামী আৰু মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে ২২ অক্টোবৰৰ সন্ধিয়া  বোধন আৰুদেৱীৰ আমন্ত্ৰণ,
২৩  অক্টোবৰত শুক্লা মহাসপ্তমী পূজা দেৱীৰ নৱপত্ৰিকা স্হাপন, ২৪ অক্টোবৰ  মহাঅষ্টমী পূজা, ২৫  অক্টোবৰ  মহানৱমী পূজা, ২৬  অক্টোবৰত যথা বিহিত বৈদিক নিয়ম অনুসৰি মহাদশমী, অপৰাজিতা পূজা আৰু  বিসৰ্জনৰ অন্তত বাৰ্ষিক ভ্ৰমণ সংকল্প লোৱা হ'ব। এইবাৰ দেৱীৰ গজে গমন ঘটিব। 
 উল্লেখ্য , ন-গোসাঁই ঐতিহাসিক দূৰ্গা পূজা বলি বিধান প্ৰথা নোহোৱাকৈ শান্তিময় আধ্যাত্মিক   পৰিবেশত  সম্পন্ন কৰা হ'ব বুলি আয়োজক সমিতিৰ তৰফৰ পৰা জানিবলৈ দিছে।

Comments