সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্য স্তৰৰ প্ৰৱেশ পৰীক্ষাত লালনৰ কোচিং ক্লাছ আৰু লালনৰ ইণ্টিগ্ৰেটেড একাডেমীৰ শিক্ষাৰ্থীসকলৰ শ্ৰেষ্ঠতা অৰ্জন


ষ্টাফ ৰিপ'ৰ্টাৰ,,২১ অক্টোবৰঃ লালনছ কোচিং ক্লাছে পুনৰ প্ৰমাণ কৰিছে যে সৰ্বশ্ৰেষ্ঠ বাছনি হাৰৰ সৈতে সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্য পৰ্য্যায়ৰ প্ৰৱেশ পৰীক্ষাত অনবদ্য ফলাফল প্ৰদান কৰি অহা ই হৈছে সমগ্ৰ অঞ্চলটোৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ কোচিং ইনষ্টিটিউট।প্ৰতি বছৰৰ লেখীয়াকৈ এইবছৰো কোচিং ক্লাছ আৰু ইণ্টিগ্ৰেটেড একাডেমীৰ শিক্ষাৰ্থীসকলে নীট ২০২০-ত ঈৰ্ষণীয় ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। ৩০ জনতকৈ অধিক শিক্ষাৰ্থীয়ে নীট ২০২০-ত ৭২০ নম্বৰৰ ভিতৰত ৫০০ ৰো অধিক নম্বৰ লাভ কৰিছে।লালনছ কোচিং ক্লাছৰ শিক্ষাৰ্থী, কুণ্ডন বৰাই ৭২০ ৰ ভিতৰত ৬১৪, চিন্ময় বৰাই ৭২০ ৰ ভিতৰত ৬১৩ নম্বৰ লাভ কৰে আৰু প্ৰেৰনা ধাৰাচৰিয়াই নীট ২০২০-ত ৭২০ ৰ ভিতৰত ৬০৪ নম্বৰ লাভ কৰে। লালনছ কোচিং ক্লাছে সীমিত সংখ্যক শিক্ষাৰ্থীক লৈয়েই নীট ২০২০-ৰ ফলাফলত লক্ষণীয় প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। অঞ্চলটোৰ কোচিং ইনষ্টিটিউটৰ ৭ গৰাকী শিক্ষাৰ্থীয়ে জেইই প্ৰৱেশ পৰীক্ষা ২০২০-তো উৎকৃষ্ট স্থান লাভ কৰিবলৈ সক্ষম হৈছিল, য'ত উজ্জ্বল বসুমতাৰীয়ে অনুসূচীত জনজাতি শ্ৰেণীত সৰ্বভাৰতীয় ৰেংকিংত ৩০ তম স্থান লাভ কৰিছিল। লালনছ কোচিং ক্লাছ আৰু লালনছ ইণ্টিগ্ৰেটেড একাডেমীৰ শিক্ষাৰ্থীসকলৰ ভিতৰত লাভনীশ লাৱণ্যই ৯৯.৩৩ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল জেইই মেইন ২০২০ পৰীক্ষাত।  প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থীসকলে চিইই ২০২০ পৰীক্ষাতো অনবদ্য ফলাফল অৰ্জন কৰিবলৈ সক্ষম হৈছিল, তাৰ ভিতৰত ৭ম, ২৬তম, ৩৩ তম, ৫৭ তম, ৮৭তম, আৰু ৯৮ তম স্থান লাভ কৰিছিল প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীয়ে।
এই কৃতিত্ব সন্দৰ্ভত মন্তব্য কৰি লালনছ কোচিং ক্লাছৰ পৰিচালন সঞ্চালক লালন কুমাৰে কয়, "আমি অতি সুখী যে আমাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা অৱশেষত সফল হৈছে। আমাৰ প্ৰতিষ্ঠানৰ নীট ২০২০-ৰ বাচনি হাৰ এইবছৰ আশ্চৰ্য্যকৰ আৰু তিনিজন শিক্ষাৰ্থীয়ে ৭২০ ৰ ভিতৰত ৬০০ ৰো অধিক নম্বৰ লাভ কৰিছে বুলিও তেওঁলোকে উল্লেখ কৰে।উল্লেখ্য যে লালনছ কোচিং ক্লাছ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰিমিয়াম আৰু ফলাফলমুখী কোচিং কেন্দ্ৰ। ফেকাল্টি দলটোত আছে চিকিৎসক, ইঞ্জিনিয়াৰিং আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ এক অভিজ্ঞতাসম্পন্ন লোক, যিয়ে বন্ধুত্বপূৰ্ণভাৱে প্ৰতিটো বিষয়ৰ শিক্ষা প্ৰদান কৰি আহিছে।
লালনছ কোচিং ক্লাছে শ্ৰেষ্ঠতম শিক্ষা প্ৰদান কৰি আহিছে আৰু ইয়াৰ শাখা শীঘ্ৰেই উত্তৰ পূৱৰ অন্যান্য অঞ্চললৈ সম্প্ৰসাৰণ কৰাৰ লক্ষ্য হাতত লৈছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা