প্ৰায় তিনি দশকৰ মূৰত মুকলি হ’ব নগাঁৱৰ পুলিছ ৰিৰ্জাভ-ভূঞাপট্টি সংযোগী “ওলমা দলং”

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ অক্টোবৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন তদানীন্তন অগপ চৰকাৰৰ এক অবিবেচক, হঠকাৰী  সিদ্ধান্তৰ ফলতেই নগাঁৱৰ পুলিছ ৰিৰ্জাভ আৰু ভূঞাপট্টি সংযোগী “ওলমা দলং”খন সম্পূৰ্ণ নিৰ্মাণৰ পিছতো বিগত প্ৰায় ২৭ বছৰ ধৰি অসম্পূৰ্ণ হৈয়ে আছিল ৷ ৰাইজৰ বাবে যাতায়তৰ ক্ষেত্ৰত কোনো সুনিশ্চিত ফল দিব পৰা নাছিল কোনো এখন চৰকাৰেই ৷ ইয়াৰ পৰবৰ্তী সময়ত ৰাজনৈতিক মেৰপেছৰ বাবে তদানীন্তন কংগ্ৰেছ চৰকাৰেও গুৰুত্বপূৰ্ণ এই দলংখন ৰাইজৰ বাবে মুকলি নকৰিলে ৷ কিন্তু বৰ্তমান বিজেপি মিত্ৰজোঁ‌টৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ বিশেষ তৎপৰতাত এই “ওলমা দলং” নামেৰে নগঞাৰ মাজত বিশেষভাবে পৰিচিত পুলিছ ৰিৰ্জাভ আৰু ভূঞাপট্টি সংযোগী দলংখন নিৰ্মাণৰ সুদীৰ্ঘ ২৭ বছৰৰ অন্তত ৰাইজৰ যাতায়তৰ সুবিধাৰ বাবে মুকলি কৰা হ’ব ৷ স্বাভাৱিকতে নগাঁও সদৰ সমষ্টিৰ এগৰাকী কৰ্মঠ বিধায়ক ৰূপে সৰ্বত্ৰে সুপৰিচিত ৰূপক শৰ্মাৰ বিশেষ তৎপৰতাৰ বাবেই ভূঞাপট্টিৰ এই “ওলমা দলং” দলংখনৰে যাতায়ত আৰম্ভ হোৱাৰ ক্ষেত্ৰত সম্ভৱপৰ হৈ উঠিছে ৷ আচলতে  
জিলাখনৰ তদানীন্তন কংগ্ৰেছ চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী-বিধায়কৰ বিভিন্ন ৰাজনৈতিক মেৰপেছৰ বাবেই দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব পৰা নাছিল। ফলত নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠাটোৱে কেৱল ১৭.৭৫ লাখ টকা ব্যয়ৰে দলংখনৰ এটা সীমাত মাত্ৰ কিছু মাটি পেলায়েই দায়িত্ব সামৰিলে ৷ এনেদৰেই আজি সাতাইশটা বছৰ অতিক্ৰম কৰিলে নগাঁৱৰ পুলিছ ৰিৰ্জাভ আৰু ভূঞাপট্টি দলংখনে ৷ অৱশেষত কাইলৈ নগাঁৱৰ এই ওলমা দলংখনে নতুনকৈ প্ৰাণ পাই উঠিব ৷ উল্লেখ্য, এই দলংখন মুকলি হোৱাৰ পিছত নগাঁও চহৰত বহু পৰিমাণে যানজঁ‌টৰ সমস্যা দূৰ হ'ব ৷ এই দলংখনৰে ভূঞাপট্টিৰে শেনচোৱা-বেবেজীয়া ৩৭ নং ৰাষ্ট্ৰীয় পথ আৰু বেবেজীয়া বাইপাছলৈকে যাত্ৰা কৰি চহৰৰ মাজমজিয়াত সৃষ্টি হোৱা তীব্ৰ যানজঁ‌টৰ পৰা ৰাইজে বহু পৰিমাণে সকাহ পাব৷ কাইলৈ পুৱা ১০-৩০ বজাত নগৰ উন্নয়ন মন্ত্ৰী পীয়ূষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মাৰ লগতে বিভাগীয় বিষয়া-অভিযন্তাৰ উপস্থিতিত তাহানিৰ সেই “ওলমা দলং” নামেৰে পৰিচিত ভূঞাপট্টি দলংখনৰ শুভ উদ্বোধন কৰিব ৰাজ্যৰ বিত্ত, শিক্ষা, স্বাস্থ্য, লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ইয়াৰ লগতে নগাঁও চহৰক পোহৰাই তুলিবলৈ পূজাৰ এই বতৰতে ৩২ টাকৈ হাইমাষ্ট লাইৰ সংস্থাপন কৰা হৈছে চহৰৰ বহু কেইটা স্থানত ৷ ইয়াৰ দ্বাৰা নগাঁও চহৰখন এতিয়াৰে পৰা পোহৰাই ৰাখিব ৷ লগতে দূৰ্গা সপ্তমী পূজাৰ দিনাই এই ৩২ টাকৈ হাইমাষ্ট লাইটৰ শুভ উদ্বোধন কৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি ৰাজ্যিক স্বাস্থ্য তথা নগৰ উন্নয়ন মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ আনহাতে, গুৰুজনাৰ জন্মস্থান পবিত্ৰ বটদ্ৰৱা থানলৈ যোৱা দশৰ্নাথীসকলে নগাঁও চহৰৰ ধিংগেটত প্ৰৱেশ কৰিয়েই এক গেলা-দুগন্ধময় পৰিৱেশেৰে বটদ্ৰৱা থানলৈ যাত্ৰা কৰিব লগা হয়৷ এই সমস্যাটো আজি চল্লিশ বছৰীয়া সমস্যা। পূৰ্বৰ কোনো এজন জনপ্ৰতিনিধিয়ে এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰাত কোনো বিশেষ ভূমিকা লোৱা নাছিল৷ উক্ত পথচোৱাৰ জমা হোৱা বৰষুণৰ পানী পথচোৱাৰ পৰা উলাই যাব পৰা কোনো বিজ্ঞানসন্মত ব্যৱস্থা নাছিল৷ উক্ত ধিংগেট অঞ্চলত জমা হোৱা বৰষুণৰ পানী এক বিজ্ঞানসন্মতভাবে উলিয়াই নি সোণাই নৈত পেলোৱাৰ এক প্ৰকল্পৰ শুভ উদ্বোধনো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীয়ুষ হাজৰিকাই মুকলি কৰিব বুলি জানিব পৰা গৈছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা