বিজেপিৰ বিশ্বনাথ জিলা মহিলা মৰ্চাৰ সভা সম্পন্ন

চৰকাৰৰ ঘৰৰ কেইটামান চাকৰীয়ে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে ৷ কৃষি কৰ্মৰ  জৰিয়তহে নিবনুৱাৰ সমস্যা সমাধান কৰিব লাগিব ৷ৰাজ্যৰ গাখীৰ,মাছ,মাংসৰ বজাৰখন আমি প্ৰথমে দখল কৰাৰ পৰিকল্পনা লৈছো। অসমত প্ৰয়োজনীয় সকলো মাছ, মাংস গাখীৰ আমাৰ ৰাজ্যতে  উৎপাদনৰ লক্ষ্য লব লাগিব ৷ দেওবাৰে চতিয়া সমষ্টিৰ অন্তৰ্গত জীয়া ভৰলী  কন্যকা বহুমুখী কৃষি পামত অনুষ্ঠিত বিজেপিৰ  বিশ্বনাথ জিলাৰ মহিলা মৰ্চ্চাৰ এক সভাত এনেদৰে মন্তব্য আগবঢ়াই বিধায়ক  পদ্ম হাজৰিকাই। বিশ্বনাথ জিলাৰ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী  লীণা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশ্বনাথ  জিলা পৰিষদৰ সভানেত্ৰী লাবণ্য চাৰেঙীয়া ,বিশ্বনাথ জিলাৰ বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ,প্ৰাক্তন সভাপতি পৰেশ বৰকাকতী,পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্ৰৰায় অবসৰী অধ্যাপক অমৰজ্যোতি বৰঠাকুৰ,ডা° ৰঞ্জন গগৈ উপস্থিত থাকে ৷ সভাত সভানেত্ৰী লীণা শইকীয়াই আগন্তুক ২০২১নিৰ্ব্বাচনত বিশ্বনাথ জিলাৰ অন্তৰ্গত চাৰিটা সমষ্টি বিজেপিয়ে দখল কৰাৰ লগতে অসমত পুনৰ বিজেপি  দলৰ চৰকাৰ হব বুলি মন্তৱ্য কৰে ৷

জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা