কলিতা জনগোষ্ঠী সন্মিলনৰ প্ৰতিষ্ঠা দিৱস পালন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ অক্টোৱৰঃ নগাঁও জিলাৰ ৰাইদঙীয়াৰ হিন্দী বিদ্যালয়ত দেওবাৰে কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ ত্ৰয়োত্ৰিংশতম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি  উদযাপন  কৰা হয় । সন্মিলনৰ নগাঁও জিলা সমিতিৰ উদ্যোগত অনাড়ম্বৰভাৱে আয়োজিত এই অনুষ্ঠান উপলক্ষে পুৱা বেলা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ভাৰত বৰাই পতাকা উত্তোলন আৰু সম্পাদক সমীৰ হাজৰিকাই স্মৃতি তৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে দুপৰীয়া মত-বিনিময় অনুষ্ঠান কৰা হয় । জিলা সমিতিৰ সম্পাদক সমীৰ হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট কবি তথা কৃতি শিক্ষক হৰেন চন্দ্ৰ কলিতাই । সেই অনুষ্ঠানত সমাজ সংগঠক প্ৰবীন চন্দ্ৰ কলিতা, হাতীচোং জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰোহিনী বৰা, সমাজকৰ্মী ৰাণা বৰা, অৰুন শইকীয়া, জিতু বৰা, ৰমণী হাজৰিকা, প্ৰবীন অভিনেতা পদুম বৰাৰ লগতে সন্মিলনৰ নগাঁও জিলা সমিতিৰ কোষাধ্যক্ষ প্ৰনৱজ্যোতি শইকীয়া(পাপু)আদিকে ধৰি কেইবাগৰাকী লোকে বক্তব্য ৰাখে । সেইদিনাই পূৱ হাতীচোঙত  গছ পুলি বিতৰণৰ  কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা