বটদ্ৰৱাত অসম জাতীয় পৰিষদ দলৰ সাংগঠনিক সভা

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৩ অক্টোবৰঃ নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ বটদ্ৰৱা সৰুহিছা গাঁৱত শুক্ৰবাৰে অসম জাতীয় পৰিষদ দলৰ এখনি সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। বটদ্ৰৱাৰ জ্যেষ্ঠ নাগৰিক জোনাৰাম বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত অংশ গ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী ড° প্ৰদীপ কুমাৰ মহন্ত আৰু অসম জাতীয় যুৱ পৰিষদৰ মূখ্য আহ্বায়ক ড° লক্ষ্যজ্যোতি বৰাই বৰ্তমান অসমত আঞ্চলিক শক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভাষন ৰখাৰ উপৰিও জাতিৰ স্বাৰ্থত সকলোকে অসম জাতীয় পৰিষদত যোগদান কৰিবৰ বাবে আহ্বান জনায়। সভাই অহা এক নৱেম্বৰত বৃহত্তৰ বটদ্ৰৱা অঞ্চল সামৰি বটদ্ৰৱাৰ সমূহীয়া মঞ্চৰ প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা আয়োজন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে উক্ত সভাতে অঞ্চলটোৰ শতাধিক লোকে সমূহীয়া ভাৱে অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি প্ৰকাশ কৰে। উক্ত ১ নবেম্বৰত অনুষ্ঠিত হবলগীয়া সভাখন আহ্বান কৰিবৰ বাবে অসম জাতীয় যুৱ পৰিষদৰ মূখ্য আহ্বায়ক ড° লক্ষ্যজ্যোতি বৰা, লক্ষ্যধৰ তালুকদাৰ আৰু প্ৰাঞ্জল কলিতাক আহ্বায়ক হিচাবে বাচনি কৰি দায়িত্ব অৰ্পন কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা