জামুগুৰিহাটত এ,এন,দ্ৰাগ দিষ্ট্ৰিবিটৰচৰ অস্কিজেন গেচ চিলিণ্ডাৰ বিতৰন
শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল চামধৰা পানীগাওঁ নিবাসী বিশিষ্ট সমাজকৰ্মী তথা গুৱাহাটী পানবজাৰৰ এ,এন,দ্ৰাগ দিষ্ট্ৰিবিটৰচ নামৰ ঔষধ বিক্ৰেতা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী প্ৰতিস্হিত যুৱ ব্যৱসায়ী আৰমান আলিয়ে কৰনা মহমাৰী ৰোগত আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে আজি দহটাকৈ অস্কিজেন গেচ চিলিণ্ডাৰ বিনামূলীয়া কৈ যোগান ধৰে৷উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসালয় কতৃপক্ষৰ হাতত অাজি বুধবাৰে অৰ্পন কৰা অক্সিজেন চিলিণ্ডাৰ সমুহ তেও প্ৰয়াত পিতৃ মাতৃ ৰমজান আলি আৰু হবিবন নেছাৰ সোঁৱৰনত উচ্ছৰ্গা কৰা বুলি জানিবলৈ দি কয় যে বৰ্তমান সময়ত কৰনা মহামাৰী ৰোগে সমগ্ৰ দেশ খনৰ লগতে আমাৰ অঞ্চলটোত ভয়াৱহ ৰূপ ধাৰন কৰিছে৷বহুলোক এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে যদিও অক্সিজেন গেচৰ অভাবৰ বাবেই বহু দৰিদ্ৰ লোক প্ৰকৃত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে৷যাৰ বাবেই সমাজকৰ্মী গৰাকীয়ে অঞ্চলটোৰ দৰিদ্ৰ লোক সকলক চিকিৎসা বিভাগে প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদানত সহায়ক হোৱাকৈ এই অক্সিজেন গেচৰ চিলিণ্ডাৰ সমুহ বিনামূলীয়াকৈ যোগান ধৰিছে৷অৰ্থাত চিকিৎসালয় কতৃপক্ষৰ হাতত দান হিচাবে অৰ্পণ কৰিছে৷আজি অক্সিজেন গেচ চিলিণ্ডাৰ সমুহ গ্ৰহন কৰি উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা চিকিৎসা বিষয়া ডা°ৰূপক বৰুৱাই কয় যে এ,এন,দ্ৰাগ দিষ্ট্ৰিবিটৰচৰ স্বত্বাধিকাৰ আৰমান আলিয়ে আমাক আজি প্ৰায় দুইলাখ টকা মূল্যৰ দহটাকৈ অক্সিজেন গেচ চিলিণ্ডাৰ তেখেতৰ পিতৃ মাতৃৰ সোঁৱৰনত দান হিচাবে আগবৰাই এক মহান কাৰ্য্য সম্পাদন কৰিলে৷যাৰ বাবে আমি চিকিৎসা বিভাগৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো৷
জামুগুৰিহাটৰ পৰা জোন বৰা।
Comments
Post a Comment