মুকলি হ'ল ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েছন অৱ অসম (ইএমএএ)




অসমত বৰ্ধিত ইভেণ্ট উদ্যোগৰ হিতৰ হৈ ওকালতি কৰিব



ষ্টাফ ৰিপ'ৰ্টাৰ,,,,১১ অক্টোবৰ: উদ্যোগ, প্ৰতিষ্ঠান আৰু বৃত্তিধাৰী সংস্থাৰ লগতে ইভেণ্ট আৰু অনুভাৱত্মক মাৰ্কেটিং উদ্যোগৰ হৈ কাম কৰা স্বায়ত্ব সংস্থা ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েছন অৱ অসম (ইএমএএ) দেওবাৰে গুৱাহাটীৰ হোটেল ৰেডিচন ব্লু'ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েছন অৱ অসমৰ মুকলি এক নতুন যুগৰ আৰম্ভণিৰূপে পৰিচিত হ'ব, যিয়ে  অসমত অহা বছৰসমূহত ইভেণ্ট
উদ্যোগৰ বিকাশ সাধন কৰিব। উদ্যোগ প্ৰতিষ্ঠান সমূহৰ কণ্ঠস্বৰ হোৱাৰ ধাৰণা এটা সজাই ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েছন অৱ অসমক গঠন  আৰু মুকলি কৰা হৈছে।  এছ'চিয়েছন অৱ অসমৰ এখন কমিটিও গঠন কৰা হৈছে। ইভেণ্ট মেনেজাৰ এছ'চিয়েছন অব অসমৰ সভাপতিৰূপে থাকিব  চিষ্টেম আৰু ছাৰ্ভিছৰ  মানস কুমাৰ শৰ্মা। তেওঁৰ উপৰি কমিটিখনত থাকিব আৰিয়ান্স ইভেণ্টছ ছলিউছন ( Aryans Events Solution) ৰ সাধাৰণ সম্পাদক চম্পক দাস, গ্ৰেণ্ড এফিয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ কোষাধক্ষ্য অভয় কুমাৰ বাৰজাতিয়া (Abhay Kumar Barjatiya)। ইয়াৰ উপৰি কমিটিত থাকিব পৰামৰ্শদাতা, যুটীয়া সম্পাদক, আঞ্চলিক সম্পাদক, প্ৰচাৰ সম্পাদক। যিয়ে নিজ নিজ কাৰ্যৰে আগুৱাই নিব ইএমএএক। 
 ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েছন অৱ অসমৰ মূল উদ্দেশ্য হৈছে  অসমৰ ইভেণ্ট উদ্যোগক একত্ৰিত কৰি পিছলৈ উত্তৰ পূৱ আৰু ৰাষ্ট্ৰীয় স্তৰলৈ কঢ়িয়াই লৈ যোৱা। এছ'চিয়েছনৰ প্ৰাথমিক কৰ্তব্যৰূপে থাকিব উদ্যোগৰ প্ৰচাৰ, ৰাজহুৱা আৰু ব্যক্তিগত নীতিৰ ওকালতি কৰা, অনুষ্ঠান আয়োজনৰ প্ৰশিক্ষণ, নেটৱৰ্ক গঢ়াৰ বাবে বিশেষ পৰামৰ্শ আৰু তথ্য বিতৰণ কৰা। যিহেতু ইভেণ্ট মেনেজমেন্ট উদ্যোগটো অসমত বিকশিত আৰু প্ৰসাৰ লাভ কৰা, সেয়ে ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েছন অৱ অসমে এইবোৰলৈ বৃত্তিগত সমৰ্থনৰ ক্ষেত্ৰত এক ক্ৰমবৰ্ধমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ইভেণ্ট মেনেজমেণ্ট পেছাদাৰীসকলৰ নিৰন্তৰ বিকাশ আৰু সফলতা নিশ্চিত কৰিব। ইভেণ্ট উদ্যোগটোৱে আমাৰ অৰ্থনীতি চলাই নিয়া আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে। ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েছন অৱ অসমৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত  ৪০ জনতকৈ অধিক সদস্য আছে আৰু এই খণ্ডত সহস্ৰাধিকক কৰ্মসংস্থাপন দিয়াৰ অৱদান আছে। তেওঁলোকৰ বহুতো সদস্য কোম্পানী গ্ৰাম্য খণ্ডত কাম কৰি আছে আৰু চৰকাৰী খণ্ডৰ উপৰি জনতাৰ মাজত মাইল সংযোগ সাধনাত ভূমিকা বহন কৰি আছে। অসমত ইভেণ্ট উদ্যোগতো দ্ৰুত বিকাশৰ উপৰি গুৰুত্বপূৰ্ণ পথৰে আগুৱাই আছে। উৎসৱ আৰু পাৰ্টি আয়োজনতে সীমাবদ্ধ নাথাকি অসমৰ বিকাশত অংশীদাৰ হৈ পৰিছে। এক গতিশীল খণ্ডৰূপে দশকৰ পিছত প্ৰাণ পাই উঠিছে ইভেণ্ট মেনেজমেণ্ট খণ্ড। যিদৰে ইভেণ্টৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, তাৰ পৰা ন ন অনুভৱো লাভ কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা