গোৰ্খা ছাত্ৰসন্থাৰ অধিবেশনৰ প্ৰস্তুতি

পৱন নাথ : সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা , ওদালগুৰি জিলা সমিতিৰ ৪১ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন অহা ইং ৮ আৰু ৯ জানুৱাৰী ২০২২ ত দুদিনীয়া বৰ্ণাঢ়্য  কাৰ্যসূচীৰে ভাৰত-ভূটান সীমান্তৱৰ্তী বামুনজুলিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । যোৱা  ৭ নৱেম্বৰত বামুনজুলিৰ চামৰাঙত অনুষ্ঠিত হোৱা সাধাৰণ সভাত উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। । গোৰ্খা ছাত্ৰ সন্থা , ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভাত উদেশ্য ব্যাখ্যা আগবঢ়ায় বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক পূৰ্ণ বিষ্টই। সভাত  ডিক বাহাদুৰ ছেত্ৰীক সভাপতি , বিমল ছেত্ৰীক কাৰ্যকৰী সভাপতি আৰু গোপাল ঢকালক সাধাৰণ সম্পাদক হিচাপে লৈ ৪১ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে এটি  শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে কিছুদিন আগতে অধিবেশনৰ তাৰিখ ১৮ আৰু ১৯ ডিচেম্বৰ ধাৰ্য কৰা হৈছিল কিন্তু উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাৰ পৰীক্ষাৰ প্ৰতি নজৰ ৰাখি উক্ত তাৰিখ পিছুৱাই দিয়া হৈছে। অধিৱেশনখন সফলভাৱে সমাপন কৰিবলৈ ওদালগুৰি জিলাৰ সকলো গোৰ্খা জাতীয় সংগঠনৰ লগতে সমূহ ওদালগুৰিবাসী গোৰ্খা জনসাধাৰণক আহ্বান জনায় গোৰ্খা ছাত্ৰসন্থাই৷
________


Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা