গোৰেশ্বৰত চিপিআই(এম)ৰ অবিভক্ত কামৰূপ জিলা সন্মিলনৰ প্ৰস্তুতি

গোৰেশ্বৰত চিপিআই(এম)ৰ অবিভক্ত কামৰূপ জিলা সন্মিলনৰ প্ৰস্তুতি

অভ্যৰ্থনা সমিতি গঠন


ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) চমুকৈ চিপিআই(এম)ৰ অবিভক্ত কামৰূপ জিলা সমিতিৰ ২৩ সংখ্যক সন্মিলনখন অহা ইং ২২ আৰু ২৩ জানুৱাৰী ২০২২ ত দুদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলাৰ গোৰেশ্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । অলপতে গোৰেশ্বৰ চিপিআই(এম) কাৰ্যালয়ত অনুষ্ঠিত হোৱা সাধাৰণ সভাত উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশিষ্ট কবি-সাহিত্যিক অজিত তালুকদাৰৰ  সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় চিপিআই (এম) পুব বাক্সা জোনেল কমিটিৰ সম্পাদক বাপু বড়োই। সভাত সন্মিলনৰ গুৰুত্ব সম্পৰ্কত বক্তব্য আগবঢ়ায় চিপিআই(এম)অসম ৰাজ্যিক সমিতিৰ সম্পাদক মণ্ডলীৰ অন্যতম সদস্য অজিত দাস,কামৰূপ জিলা সমিতিৰ সম্পাদক কৰুণা ভূঞাকে ধৰি বহুকেইজন দলীয় নেতা কৰ্মীয়ে।অজিত তালুকদাৰক সভাপতি , ধীৰেন বৰুৱাক কাৰ্যকৰী সভাপতি আৰু প্ৰবীণ দাসক সম্পাদক হিচাপে লৈ আৰু কেইবাটাও উপ-সমিতি গঠনেৰে ২৩ সংখ্যক চিপিআই(এম)ৰ কামৰূপ জিলা সন্মিলনখন পৰিচালনাৰ বাবে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।সন্মিলন সফলভাৱে সমাপন কৰিবলৈ গোৰেশ্বৰ বাসীৰ প্ৰতি আহ্বান জনায় অভ্যৰ্থনা সমিতিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা