লাহৰীঘাটৰ যুৱক মনিপুৰৰ ইম্ফলত উগ্ৰপন্ত্রীৰ গুলিত নিহত :লাহৰীঘাটত শোকৰ ছাঁ

লাহৰীঘাটৰ যুৱক মনিপুৰৰ ইম্ফলত উগ্ৰপন্ত্রীৰ  গুলিত নিহত  :লাহৰীঘাটত শোকৰ ছাঁ
কৰ'ণা মহা মাৰিৰ ফলত দিয়া  লকডাউনৰ পৰিপেক্ষিতত দেশৰ জনসাধাৰণ আৰ্থীক ভাবে জুৰুলা হৈ পৰিছে আৰু এমুঠি অন্নৰ ভাবে হাহাকাৰ কৰি ফুৰিছে। এনে সময়তে পেটৰ তাৰনাত মৰিগাৱঁ জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত দাতিয়াল বড়ী গাৱঁৰ পৰা এটি ১২জনীয়া  যুৱকৰ দল মনিপুৰৰ ইম্ফলত  কাম বিচাৰি যায় । তাত দুমাহ পকী দলঙৰ  কাম কৰাৰ পিছত তিনি জন ঘৰলৈ গুচি আহে আৰু ৯জন তাতে কিছু দুৰত্বৰ আন এটা দলঙৰ কামত নিয়জিত হয়। আন দিনৰ দৰে সিদিনাও ৯ নৱেম্বৰত দিনটো কাম কৰি আটইকেইজন ৰাতিৰ আহাৰ গ্ৰহন কৰি আশ্ৰয় লোৱা ঠাইতে টুপনি যায়। উল্লেখ্য যে 
৯ নৱেম্বৰৰ ৰাতি ‍১১.৪৫ বজাত এই শ্ৰমিক সকল  আশ্ৰয় লৈ থকা গৃহত এদল দুৰ্বৃত্তই ঘৰৰ দোৱাৰ ভাঙি প্ৰবেশ কৰি গুলি চালনা কৰে  ।দুৰ্বৃত্তৰ গুলিত নিহত হয় লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত দাতিয়াল বড়ী গাৱঁৰ  আছফান আলীৰ ২৩ বছৰীয়া   
পুএ ৰিয়াজুল ইছলাম । পাছত ইম্ফলৰ পৰা  ৰিয়াজুলৰ মৃত দেহ মৰোণত্তৰ পৰীক্ষা কৰি  লাহৰীঘাটৰ দাতিয়ালবড়ীৰ গৃহত আনে আৰু আজি দাতিয়ালবড়ী আঞ্চলিক মজিদত সহাস্ৰাধিক গুনমগ্ধৰ উস্হিতিত জানাজাৰ  নামাজ সম্পন্ন কৰা হয়। সহজ -সৰল ৰিয়াজুল ইছলামৰ অস্বাভাবিক মৃত্যুত এই অঞ্চলত গবীৰ শোকৰ ছাঁ পৰিছে।উল্লেখ্য যে ৰিয়াজুল ইছলাম আছিল পৰিয়ালৰ এক মাএ উপাৰ্যনকাৰী। বৃদ্ধ পিতৃ-মাতৃক পুহ-পাল দিয়াৰ বাবে   ন বিবাহিত  ৰিয়াজুল ইছলামে এমুঠি ভাতৰ জোগাৰ কৰাৰ বাবে মনিপুৰৰ ইম্ফলত গৈছিল। দাতিয়াল বড়ীৰ গাৱঁৰ স্হানীয় ৰাইজে  চৰকাৰ ওচৰত দাবী জনাইছে 
দুৰ্বৃত্তৰ গুলিত মৃত্যু হোৱা ৰিয়াজুল ইছলামৰ পৰিয়ালক 
সাহাৰ্য্য দিয়াৰ বাবে।
 লাহৰীঘাটৰ পৰা আফতাপ হুছেইনৰ ৰিপোৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা