১৪ নৱেম্বৰত অনুষ্ঠিত হব উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সভা

১৪ নৱেম্বৰত অনুষ্ঠিত হব উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সভা


প্ৰতিবেদক, ৰঙিয়া, ৯ নৱেম্বৰঃ 

জিলাখনৰ ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়া সংস্থা উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সভাখন চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত ৰঙিয়া সংগম সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। উক্ত সভাৰ কাৰ্যসূচী মতে জ্যেষ্ঠ উপ-সভাপতি আমিৰ আলীয়ে পৰিচালনা কৰে আৰু সাধাৰণ প্ৰতিবেদন তথা বৃত্তীয় দিশ সভাই সৰ্বসন্মতি ক্ৰমে গৃহীত কৰে।কিন্তু গঠন হ'বলগীয়া উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সমিতিখনত সকলো অঞ্চলৰ ব্যক্তিক আমন্ত্রণ কৰাৰ বাবে সভাত উপস্থিত সদস্য সকলে সিদ্ধান্ত গ্ৰহণ কৰি পৰৱৰ্তী সময়ত সাধাৰণ সভাত গঠন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰি অহা ১৪ নৱেম্বৰ ৰবিবাৰে দিনৰ ১০বজাত কেন্দুকোনাৰ জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সভাখন অনুষ্ঠিত কৰা হব।উক্ত সভাখন সাফল্যমণ্ডিত কৰা বাবে উদ্যোক্তা সমিতিৰ হৈ বীৰেন কলিতা, মোহন মাধৱ বৰ্মন, গফুৰ আলী, বিপুল মেধী, সঞ্জয় দাস, কুলেন শালৈ আৰু মিন্টু আহমেদে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে ।


প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা