গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ জিৰা-তৰেংথপত নৈৰ বুকুত ৰাইজে সাজিলে বাঁহৰ দল

দেশে স্বাধীনতা লাভৰ তেসত্তৰ বছৰ পাছতো গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী ৰাইজে একপ্ৰকাৰ যমৰ যাতনা ভোগ কৰি থকাতো সঁচাই পৰিতাপৰ বিষয় হৈ পৰিছে ৷ উদাহৰণ হিচাপে জিৰা-তৰেংথপ বাসীৰ কথাকে উনুকিয়াব পাৰি ৷ জনগোষ্ঠী বসতি প্ৰধান জিৰা আৰু তৰেংথপ অঞ্চল দুটা কৃষ্ণাই নৈৰ দুয়ো পাৰত অৱস্থিত ৷ ইফালে তৰেংথপ বাসী ৰাইজ প্ৰায় সকলো ক্ষেত্ৰতে জিৰা অঞ্চলৰ ওপৰত নিৰ্ভৰশীল হোৱাত প্ৰতিদিনে কৃষ্ণাই নৈ পাৰ হ’বলৈ বাধ্য ৷ পিছে কৃষ্ণাই নৈ পাৰ হ’বলৈ জিৰা আৰু তৰেংথপৰ মাজত নাই কোনো দলং ৷ সেয়ে অঞ্চল দুটাৰ ৰাইজে কৃষ্ণাই নৈৰ ওপৰেৰে যাতায়াত ৰক্ষা কৰিবলৈ বিগত বাসত্তৰ বছৰে গাঁঠিৰ ধন ভাঙি সাজি আহিছে বাঁহৰ সাকোঁ ৷ এইবেলিও তাৰ ব্যতিক্ৰম নহ’ল ৷ আজি অঞ্চলটোৰ ৰাইজে নিজৰ জেপৰ ধন খৰচ কৰি নিৰ্মাণ কৰিলে বাঁহৰ দলং ৷ ৰাইজে প্ৰতি মুহুৰ্ততে অঘটন ঘটাৰ সম্ভাৱনা থকা অঞ্চলটোত এখন পকী দলং নিৰ্মানৰ বাবে শীঘ্ৰে উদ্যোগ গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত পুণৰ দাবী জনাইছে ৷ 

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা