বিধায়ক দিগন্ত কলিতাৰ নিৰ্দেশত কমলপুৰত পঞ্চায়তৰ অভিযন্তাক আটক কৰিলে আৰক্ষীয়ে

কামৰূপ জিলাৰ কমলপুৰত পঞ্চায়তৰ অভিযন্তা সহ নিৰ্মাণ সমিতিৰ সভাপতিৰ বিৰুদ্ধে ৰুজু হল গোচৰ । কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ নিৰ্দেশত ৰুজু হল এই গোচৰ । কেণ্দুকোণা গাওঁ পঞ্চায়তৰ মৌকুচি সত্ৰৰ নলা নিৰ্মাণৰ চতুৰ্দশ বিত্তীয় আয়োগৰ ধন আত্মসাৎ কৰাৰ অভিযোগত ৰুজু হল এই গোচৰ । এই গোচৰৰ ভিত্তিত কমলপুৰ আৰক্ষীয়ে আটক কৰিলে পঞ্চায়তখনৰ AE  শুভাংকৰ দাস সহ নিৰ্মাণ সমিতিৰ সভাপতি লক্ষ্যধৰ ডেকাক । ছয় লক্ষাধিক টকাৰ আত্মসাতৰ অভিযোগ উঠিছে এই দুগৰাকী আটকাধীন ব্যক্তিৰ বিৰুদ্ধে । 

পংকজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা