অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কৌশল্যা বৰাৰ জীৱনাৱসান

# অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কৌশল্যা বৰাৰ জীৱনাৱসান#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ নৱেম্বৰঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ৰাইদঙীয়াৰ কৰচোং সত্ৰৰ নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী, সমাজসেৱিকা কৌশল্যা বৰাৰ ৭৩ বছৰ বয়সত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে । ৰাইদঙীয়াৰ ৪৩৭ নম্বৰ কৰচোং সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা ২০০৮ চনত তেওঁ প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ  কৰিছিল। শিক্ষকতাৰ সেৱাৰ কালচোৱাত নিজকে এগৰাকী কৃতী শিক্ষয়িত্ৰীৰূপে পৰিচয় দিবলৈ সক্ষম হোৱা সৰবৰহী মহিলাগৰাকীয়ে বিগত কিছুবছৰ ধৰি শাৰিৰীক অসুস্থতাৰ বাবে শৰ্যাসায়ী হৈ আছিল ৷ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সচেতনতাৰে ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মীৰ মাজত এক সুকীয়া ইমেজ গঢ়ি তুলিবলৈ সক্ষম হোৱা বৰাৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷ মৰিগাঁও জিলাৰ ঐতিহাসিক জাগী গাঁৱত জন্ম লাভ কৰা মেধাসম্পন্ন শিক্ষয়িত্ৰীগৰাকীৰ বিয়োগত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে । কিছুবছৰ আগতে স্বামীৰ মৃত্যু হোৱা সৰল মনৰ মহিলাগৰাকীয়ে মৃত্যুৰ সময়ত এজন পুত্ৰ, বোৱাৰী, এগৰাকী বিবাহিতা কন্যা, জোঁৱাই, নাতি-নাতিনীসহ বহু আত্মীয়-কুটুম্বক ইহ-সংসাৰত এৰি থৈ যায় । 
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা