৬ষ্ঠ আয়ুৰ্বেদ দিৱস উপলক্ষে আজি কামৰূপৰ কমলপুৰত সজাগতা সভা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ

৬ষ্ঠ আয়ুৰ্বেদ দিৱস উপলক্ষে আজি কামৰূপৰ কমলপুৰত
সজাগতা সভা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ ।

পঙ্কজ নাথ, চাংসাৰি, ২ নৱেম্বৰ :

আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু উত্তৰণৰ লক্ষ্যৰে আয়ুস মন্ত্ৰ্যালয়ৰ উদ্যোগত ২০১৬ চনত ধনন্তৰী জয়ন্তীৰ দিনটোত প্ৰথমবাৰৰ বাবে আয়ুৰ্বেদ দিৱস পালন কৰা হৈছিল।

তেতিয়াৰ পৰা প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। 

অইন বছৰৰ দৰে এইবাৰো ৬ষ্ঠ আয়ুৰ্বেদ দিৱসটি সমগ্ৰ দেশৰ লগতে অসমতো নৱগঠিত আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ সৌজন্যত আজি ধনন্তৰী জয়ন্তীৰ দিনা ৰাজ্যজুৰি দিনযোৰা বিভিন্ন কাৰ্সূচীৰে পালন কৰিবলৈ লোৱা হৈছে।

ইয়াৰে অংশ হিচাপে কামৰূপ জিলাৰ কমলপুৰ ভিতৰখোলা এম ই স্কুলত ষষ্ঠ আয়ুৰ্বেদ দিৱস আৰু ধনন্তৰী দিৱস অনুষ্ঠিত কৰা হয়।

বিশ্বৰ প্ৰাচীন চিকিৎসা পদ্ধতি হিচাপে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিয়ে যাতে প্ৰতিজন ব্যক্তিৰ সহায়ক হয় সেই উদ্দেশ্যে আয়ুৰ্বেদৰ ব্যৱহাৰ সম্পৰ্কে সাধাৰণ ৰাইজক সচেতন কৰিবলৈ ঠায়ে ঠায়ে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে আয়ুৰ্বেদ চিকিৎসা শিবিৰৰো আয়োজন কৰা হৈছে।

এই অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে লগতে বিনামুলীয়া চিকিৎসা শিবিৰ খনিৰ দ্বাৰ মুকলি কৰে।

অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গুনীন্দ্ৰ নাথ দেৱশৰ্মা, জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া, সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক সুৰেন্দ্ৰ তাল্কেদাৰ আৰু কমলপুৰ খণ্ড চিকিৎসা কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ডিম্বেশ্বৰ শৰ্মা,আয়ুৰ্বেদিক চিকিৎসা সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাস, সাধাৰণ সম্পাদক ডাঃ বিষ্ণু চৌধুৰী,ভিতৰখোলা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অমূল্য পাটোৱাৰী সমন্বিতে কেইবা শতাধিক ৰাইজ উপস্থিত থাকে।
 পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা