ল'ৱাৰ আসাম চাউণ্ড এছোচিয়েচন আৰু বঙাইগাঁও জিলা শিল্পী সমাজৰ উদ্যোগতো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দমশ বাৰ্ষিক মৃত্যু দিৱস উদযাপন

ভূপেন হাজৰিকা মানে অসম ,অসম মানে ভূপেন হাজৰিকা --- হৰিধন ডেকা

বঙাইগাঁওঃ ৫ নবেম্বৰঃ ল'ৱাৰ আসাম চাউণ্ড এছোচিয়েচন আৰু বঙাইগাঁও জিলা শিল্পী সমাজৰ উদ্যোগতো আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দমশ বাৰ্ষিক মৃত্যু দিৱস উদযাপন কৰা হয় ৷ বঙাইগাঁৱৰ পুৰণি বঙাইগাঁও নিয়তি সংঘত উদযাপন কৰা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে ল'ৱাৰ আসাম চাউণ্ড এছোচিয়েচন আৰু বঙাইগাঁও জিলা শিল্পী সমাজৰ পতাকা উত্তোলন কৰে ক্ৰমে সম্পাদক অবীন নাথ আৰু ভাৰপ্ৰাপ্ত সভাপতি নন্দলাল বৰ্মনে ৷ পতাকা উত্তোলনৰ পিছতে উত্তোলকদ্বয়ে চমু বক্তব্য ৰাখে ৷ ইয়াৰ পিছতে সুধাকণ্ঠকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা বিশিষ্ট সাহিত্যিক হৰিধন ডেকাই ৷ আনহাতে সুধাকণ্ঠৰ 'মানুহে মানুহৰ বাবে 'কালজয়ী গীতটি পৰিৱেশন কৰে শিল্পী সমাজৰ শিল্পীসকলে ৷ ইপিনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি ডেকাই নিজৰ চমু ব্যক্তব্যত কয় যে ভূপেন হাজৰিকা কেৱল অসম বা ভাৰতৰে নহয় , বিশ্বৰ এগৰাকী অদ্বিতীয় ব্যক্তিত্বৰ অধিকাৰী শিল্পী ৷ অসাধাৰণ - অনন্য প্ৰতিভাৰ আকৰ ভূপেন হাজৰিকা আজি আমাৰ মাজত নাই ৷ অথচঃ মৰিও অমৰ হৈ আছে অসমৰ অসমীয়াৰ বুকুৰ মাজত আৰু থাকিবও চিৰকাললৈ ৷ বিশ্ববাসীৰ বীবেও তেওঁ কিম্বদন্তী পুৰুষ আৰু সেইভাবে থাকিবও পথিৱী থকালৈকে  সজীৱ  ৷ ভূপেন হাজৰিকা মানে অসম ,অসম মানে ভূপেন হাজৰিকা ৷ সমাৰ্থক বিশ্বৰ সংস্কৃতিপ্ৰেমী জনগণৰ বাবে ৷ উল্লেখ্য যে সুধাকণ্ঠৰ মৃত্যু দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি শিল্পী সমাজৰ শিল্পীসকলে সুধাকণ্ঠৰ গীত - মাত পৰিৱেশন কৰে ৷ 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা