হাজো বন বিভাগৰ অভিযান, বন বিভাগৰ কৰ্মচাৰীৰ গৃহত উদ্ধাৰ দুটা বন্দুক , সক্ৰিয় গুলী , কেকো সাপসহ বহু আপত্তিজনক সামগ্ৰী

*সৰিয়হৰ ডলিতেই ভূত!*

 *ৰক্ষকেই ভক্ষকৰ ভুমিকাত বন কৰ্মচাৰী* 

 *হাজো বন বিভাগৰ অভিযান, বন বিভাগৰ কৰ্মচাৰীৰ গৃহত উদ্ধাৰ দুটা বন্দুক , সক্ৰিয় গুলী , কেকো সাপসহ  বহু আপত্তিজনক সামগ্ৰী* 

কামৰূপৰ কুলচীত কৰ্মৰত ধুৰন্ধৰ বুলি পৰিচিত বন বিষয়া অৰূপ বৈশ্যৰ বংশৰ বৰবাৰী পাহাৰত থকা  ঘৰত গোপন সুত্ৰৰ খবৰৰ ভিত্তিত আজি হাজো বন বিভাগে চলাই এক অভিযান। হাজো বন  বিষয়া সংগীতা সিনহাৰ নেতৃত্বত চলা এই অভিযানত বন বিভাগৰ কৰ্মচাৰী অৰূপ বৈশ্যৰ বংশৰ বৰবাৰী পাহাৰত থকা গৃহৰ  তলা ভাঙি অভিযান চলাই দুটা সক্ৰিয় বন্দুক লগতে আলামাৰীৰ তলা ভাঙি উদ্ধাৰ কৰা হয় দুটা কোকো সাপ , অসংখ্য সক্ৰিয় গুলি , খালী কাৰ্টিজ , জাল , টৰ্ছ , বৃহৎ পৰিমাণৰ  সুৰাৰ বটল ৷ ইয়াৰ উপৰিও অভিযানত জব্দ হয় দুষ্প্ৰাপ্য জীৱ জন্তুৰ অংগ পতংগ ,কেটেলা পহুৰ কাইট , কাছৰ খোলা সহ বিভিন্ন জীৱ জন্তুৰ হাড়।
জব্দকৃত সামগ্ৰী খিনি ইতিমধ্যে  বন বিভাগে নিজৰ জিম্মাত চমজি লৈছে । উল্লেখ্য যে অৰূপ বৈশ্য এজন বন বিভাগৰ কৰ্মচাৰী ।

বন বিভাগৰ সন্দেহ , অৰূপ বৈশ্য চোৰাং চিকাৰ আৰু বন্য প্ৰাণীৰ চোৰাং ব্যৱসায়ত জড়িত ।
দীৰ্ঘদিন ধৰি অৰূপ বৈশ্য এনেদৰে বন্যপ্ৰানী চিকাৰ জড়িত বুলি স্থানীয় লোকেও জানিবলৈ দিয়ে ।
 পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা