১৭* *নবেম্বৰত* *ৰজাগড়ত* *ভাগৱত* *পাঠ* *আৰু* *বাখ্যা* *অনুষ্ঠান* #

# *১৭* *নবেম্বৰত* *ৰজাগড়ত* *ভাগৱত* *পাঠ* *আৰু* *বাখ্যা* *অনুষ্ঠান* #

# অনুষ্ঠানত ভাগ লব ভৱেশ কলিতা,প্ৰমোদ বড়ো আৰু সঞ্জীত তাঁন্তীয়ে #

*পৱন নাথ*,*আমাৰ* *চিঞৰ*

জনমানসত আধ্যাত্মিক বিকাশ আৰু উত্তৰণত অসমৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় দিশত চৰ্চা আৰু ভগৱতৰ আলোচনা আদি কাৰ্য্যসূচী সমূহ চলি আহিছে ৷ তাৰে এক ক্ষুদ্ৰ প্ৰয়াস হিচাপে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ভেৰগাঁও জিলা শাখাৰ অন্তৰ্গত ৰজাগড় প্ৰাথমিক শাখাৰ উদ্যোগত আৰু বৃহত্তৰ ৰজাগড় বাসী ৰাইজৰ সহযোগত অহা ১৭ নবেম্বৰত ৰজাগড় প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাঙ্গণত অসমৰ বাচকবনীয়া পাঠকৰ দ্বাৰা দিনযোৰা কাৰ্য্যসূচীৰে ভাগৱত পাঠ আৰু বাখ্যাৰ আয়োজন কৰা হৈছে ৷ আদৰণি সমিতিৰ সভাপতি সন্তো হাজৰিকা আৰু সম্পাদক কুলেন নাথে জনোৱা মতে সেই দিনা ৰাতিপুৱা পৰিবেশ নিকাকৰণৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব ৰজাগড় কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্পাদক পৰেশ দাসে ৷তাৰ পিছতেই শৰাই স্থাপন কৰিব নামঘৰীয়া তাৰিণী চৰণ দাসে ৷ৰাতিপুৱা ৭ বজাত প্ৰাতঃ প্ৰসঙ্গ কৰিব ৰজাগড় কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি পুলিন্দ্ৰ চহৰীয়াই ৷১০ বজাত অনুষ্ঠিত হ’বলগীয়া ভাগৱত পাঠ আৰু বাখ্যা অনুষ্ঠানৰ উদ্ধোন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘ,নলবাৰী জিলা শাখাৰ শৰণ সদস্য ৰবি ৰাম নাথে ৷
আনহাতে পাঠক হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘ লক্ষ্মীমপুৰৰ প্ৰচাৰক জগত বণিয়া আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বনাথ জিলাৰ বিনীত বৰাই ৷ইয়াৰ পিছতেই অনুষ্ঠিত হ’বলগীয়া চা-চিনাকী পৰ্ব্ব আৰু সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা,বিটিআৰৰ মূখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো,বিটিআৰৰ কাৰ্য্যবাহী সদস্য সঞ্জীত তাঁতীয়ে ৷আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য খগেন চহৰীয়া,সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি জোশ্ৰাং বড়ো,শ্ৰীমন্ত শংকৰদেৱ সংঘ ভেৰগাঁও জিলা শাখাৰ সভাপতি মাধৱ ৰাভাই ৷অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে ৷

পৱন নাথ,ডিমাকুছি

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা