ৰঙিয়াত ভাই ককাইৰ কাজিয়াঃ গৃহহাৰা দিব্যাঙ্গ ভাইঃ কনমানি দুই কন্যা সহ মুকলি আকাশৰ তলত

ৰঙিয়াত ভাই ককাইৰ কাজিয়াঃ গৃহহাৰা দিব্যাঙ্গ ভাইঃ কনমানি দুই কন্যা সহ মুকলি আকাশৰ তলত

প্ৰতিবেদক, ৰঙিয়া ৮ নৱেম্বৰঃ ৰঙিয়া চহৰৰ মাজমজিয়াত থকা দুই কোঠালিৰ এটা ঘৰৰ দখলক কেন্দ্ৰ কৰি দুই ভাই ককাইৰ কাজিয়াত অৱশেষত গৃহহাৰা হ'ল দিব্যাঙ্গ ভাতৃ। দুটা এমা ডিমা কন্যা সন্তানক লগত লৈ মুকলি আকাশৰ তলত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হ ল সৰু ভায়েক। ঘটনাটো ৰঙিয়া চহৰৰ ৫ নম্বৰ ওৱাৰ্ডৰ ভূটান পথৰ। জ্যেষ্ঠ ভাতৃ পৰেশ কলিতাই দাখিল কৰা গোচৰৰ ওপৰত ভিত্তি কৰি আজি আদালতৰ নিৰ্দেশত কনিষ্ঠ ভাতৃক ইন্দ্ৰজিৎ কলিতাক পৰিয়াল সহ ঘৰৰ পৰা উচ্ছেদ কৰা হয়। কনিষ্ঠ ভাতৃক ইন্দ্ৰজিৎ কলিতাৰ অভিযোগ অনুসৰি তেওঁলোকৰ পৈতৃক ভিটাত দীৰ্ঘদিন ধৰি দুয়ো ভায়েকে পৰিয়াল সহ বসবাস কৰি আছিল। তেওঁ দিব্যাঙ্গ হোৱা বাবে খোজ কাঢ়িব নোৱাৰে। বিগত প্ৰায় সাত বছৰ পূৰ্বে তেওঁৰ ককায়েক পৰেশ কলিতাই ছলে বলে কৌশলে মাটি টুকুৰা নিজৰ নামত কৰি লয়। তাৰ পিছৰ পৰাই তেওঁৰ অত্যাচাৰ চুড়ান্ত ৰূপ ধাৰণ কৰে। ককায়েক পৰেশ কলিতাই তেওঁলোকক পৈতৃক ভিটাৰ পৰা উচ্ছেদ কৰাৰ বাবে আদালতৰ শৰনাপন্ন হোৱাৰ উপৰিও তেওঁলোকৰ বৈদ্যুতিক সংযোগ কাটি দিয়াৰ লগতে পানী আৰু অহা যোৱাৰ ৰাস্তা বন্ধ কৰি দিয়ে। অকল সেয়াই নহয় ইন্দ্ৰজিৎ কলিতাৰ পত্নীয়ে চুবুৰীয়াৰ ঘৰৰ পৰা খোৱাপানী সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু ককায়েক পৰেশ কলিতাই চুবুৰীয়াই পানী দিয়াত চুবুৰীয়াৰ ঘৰত গৈ পানী নিদিবৰ বাবে নিৰ্দেশ দিয়ে। কিন্তু চুবুৰীয়াই তেওঁৰ নিৰ্দেশ নমনাত চুবুৰীয়াৰ লগত কাজিয়াত লিপ্ত হয়। পিছত তেওঁ চুবুৰীয়াৰ ওচৰত অপদস্থ হৈ বিফল মনোৰথেৰে উভতি আহে বুলি ভায়েকে জানিবলৈ দিয়ে। আজি দুপৰীয়া ভাত ৰান্ধি থকাৰ সময়ত আমিনগাঁওৰ পৰা এদল আৰক্ষীয়ে আদালতৰ নিৰ্দেশ লৈ তেওঁলোকৰ ঘৰত উপস্থিত হয়। আৰক্ষীয়ে কলিতাক ঘৰ খালি কৰি দিবলৈ নিৰ্দেশ দিয়ে। কিন্তু কলিতাই মান্তি নোহোৱাত আৰক্ষীয়ে শ্ৰমিক লগাই কলিতাৰ ঘৰৰ সকলো বয়বস্তু আনকি কাটি থোৱা পাচলি পথৰ দাঁতিত উলিয়াই দিয়ে। পিছত  দিব্যাঙ্গ কলিতাক দাঙি লৈ মুকলি আকাশৰ তলত থৈ দি ঘৰৰ দখল জ্যেষ্ঠ ভাতৃ পৰেশ কলিতাক ছমজাই দিয়ে। ইপিনে কনিষ্ঠ ভাতৃ ইন্দ্ৰজিৎ কলিতাই দুটা এমা ডিমা কন্যা সন্তান আৰু পত্নীক লৈ মুকলি আকাশৰ তলত আশ্ৰয় লবলৈ বাধ্য হৈছে। ইপিনে জ্যেষ্ঠ ভাতৃ পৰেশ কলিতাই ঘৰটো পৈতৃক সম্পত্তি নহয় বৰংচ তেওঁৰ নিজৰ বুলি দাৱী কৰে। অকল সেয়াই নহয় ভাতৃক চৰকাৰী 
চাকৰিত সোমাই দিয়া  বুলিও কয়। অৱশ্যে ঘটনাটো ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা