বটদ্ৰৱাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস আৰু সবিতা বৰাৰ কাব্যগ্ৰন্থ 'বিষাদ বন্যা' উন্মোচন অনুষ্ঠানঃ

আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সহযোগত বটদ্ৰৱাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস আৰু সবিতা বৰাৰ কাব্যগ্ৰন্থ 'বিষাদ বন্যা' উন্মোচন অনুষ্ঠানঃ

 আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সহযোগত বটদ্ৰৱাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক স্মৃতি দিৱস আৰু সবিতা বৰাৰ কাব্যগ্ৰন্থ 'বিষাদ বন্যা' উন্মোচন অনুষ্ঠান অনুষ্ঠিত হয়। বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি তথা সাহিত্যিক দিলীপ কুমাৰ নাথ, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যা বৰা, মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উপসভানেত্ৰী অনুপ্ৰভা দেৱী, বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ বৰা, কবিন পাটৰ, কবি শংকুসিদ্ধ নাথ, শিক্ষক তুৱাৰাম বৰুৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষন প্ৰদান কৰে। কবি, সাংবাদিক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত কবি, শিক্ষয়িত্ৰী সবিতা বৰাৰ 'বিষাদ বন্যা' শীৰ্ষক এখনি কবিতা পুথি উন্মোচন কৰে পদুম ৰাজখোৱাই।  
বটদ্ৰৱাৰ পৰা ইমামুল ইছলাম

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা