নাহৰকটীয়াত পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ।*

*নাহৰকটীয়াত পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ।*

   এগৰাকী পঞ্চায়ত সভাপতিৰ দুৰ্নীতিক লৈ ব্যাপক প্ৰতিক্ৰিয়া নাহৰকটীয়াত। সভাপতি পদৰ সুযোগ লৈ চৰকাৰী চাকৰিত নিয়োজিত নিজৰ ভাতৃকে ধৰি পৰিয়ালৰ আন লোকক জব কাৰ্ডৰ কামত নিয়োগ কৰা দেখুৱাই mnrega ৰ ধন আত্মহাত কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। একেদৰে নিজৰ ঘৰৰ চাৰিসীমাৰ ভিতৰত চৰকাৰী আঁচনিৰ গৃহ নিৰ্মাণৰো অভিযোগ সভাপতি গৰাকীৰ বিৰুদ্ধে। এই ঘটনা  নাহৰকটীয়াৰ চাচনী মৌজাৰ অন্তৰ্গত মেৰবিল গাঁও পঞ্চায়তত। 
 এইগৰাকী পঞ্চায়ত সভাপতি হল মেৰবিলৰ জোনটি বড়া । অভিযোগ অনুসৰি উক্ত পঞ্চায়তত অগপ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সভাপতিৰ আসনত জয়ী হোৱা আৰু বৰ্তমান অসম জাতীয় পৰিষদত যোগদান কৰা জোনটি বড়াই দীৰ্ঘদিন ধৰি পঞ্চায়ত টোত চলাই আহিছে ব্যাপক দুৰ্নীতি আৰু স্বজন তোষনৰ নীতি। সভাপতি গৰাকীৰ দুৰ্নীতি ইমানেই শিপাইছে যে তেওঁ আনকি অসম আৰক্ষীত কৰ্মৰত নিজৰ ভাতৃৰ নামো সোমোৱাইছে পৰিয়ালৰ থকা MNREGA ৰ জব কাৰ্ডত। সততে প্ৰকৃত হিতাধিকাৰী সকলক বঞ্চিত কৰি থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে সভাপতি গৰাকীয়ে এই অভিযোগক সত্য প্ৰমাণিত কৰি এইবাৰ চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ অধীনত নিজৰ ঘৰৰ চাৰিসীমাৰ ভিতৰতে থকা ব্যক্তিগত বিদ্যালয়ত যোগাশন কেন্দ্ৰ আৰু শৌচাগাৰ নিৰ্মান কৰা ঘটনাই পঞ্চায়ত বাসীৰ চকু কপালত তুলিছে। মন কৰিবলগীয়া যে জোনটি বড়াৰ এনে কৰ্মকাণ্ডৰ বিষয়ে জয়পুৰ খণ্ড উন্নয়ন বিষয়াই অৱগত হৈ তেওঁলৈ প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী। খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহাইয়ে প্ৰেৰণ কৰা এই জাননীত সভাপতি গৰাকীয়ে কেনেকৈ অসম আৰক্ষীত কৰ্মৰত হৈ থকাৰ পিছতো নিজৰ ভাতৃক জব কাৰ্ডৰ হাজিৰাৰ নামত চৰকাৰী টকা প্ৰদান কৰিলে আৰু নিজৰ চাৰিসীমাৰ ভিতৰত শৌচাগাৰ আৰু যোগাশন কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ কাৰ পৰা অনুমতি লৈছিল সেই বিষয়ক স্থিতি স্পষ্ট কৰিবলৈ বান্ধি দিছে নিৰ্দিষ্ট সময়। আনহাতে এই বিষয়ক খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে ইতিমধ্যে আৰম্ভ কৰিছে চৰজমিন তদন্ত। আনহাতে সমগ্ৰ বিষয়টোত তেওঁ সকলো কাম পঞ্চায়তৰ নিমমানুখাৰে কৰিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে সভাপতি জোনটি বড়াই। 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা