বৰপেটাত উপস্থিত বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ বিধায়কৰ দল

বৰপেটাত উপস্থিত বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ  বিধায়কৰ দল ৷

 বৰপেটাত উপস্থিত বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ আঠ জনীয়া বিধায়কৰ দল ৷ অধ্যক্ষ ৱাজেদ আলী চৌধুৰীৰ নেতৃত্ব অহা দলটোত আছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হাফিজ বাছিৰ আহমেদ কাছিমী, বসন্ত দাস, কামলাখ্য দে পুৰাকায়স্থ, ভবেন্দ্ৰ নাথ ভৰালী, কৰিমুদ্দিন বৰভূঞা আৰু মাধব ডেকা। তেওঁলোকে প্ৰথমে ডিআৰডিএ-ৰ দ্বাৰা চতুৰ্দশ বিত্তিয় আচনিৰ অধীনত চেঙাত নিৰ্মিত জিৰনি চৰা পৰিদৰ্শন কৰে, তাৰ পিছত লোক-নিৰ্মানৰ দ্বাৰা নিৰ্মাণ কৰা স্বাক্ষৰ আঁচনিৰ অধীনত চেঙা-বহৰি পথটো  পৰিদৰ্শন কৰে ৷ ইয়াৰ পিছতে দলটো সৰুক্ষেত্ৰী সমষ্টিলৈ ৰাওনা হয় ৷ সৰুক্ষেত্ৰী সমষ্টিৰ কৃষ্ণগুৰু সেৱাশ্ৰমত জলসম্পদ বিভাগে নিৰ্মান কৰা SOPD-G আচনিৰ অধীনত ৫ কোটি ৩৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিয়মান আচনিটো পৰিদৰ্শন কৰে ৷ ইয়াৰোপৰি দলটোৱে জিলাখনৰ বিভিন্ন বিভাগৰ আচনি পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে ৷ আচনি সমুহ পৰিদৰ্শন কৰি ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ অধ্যক্ষ আলী চৌধুৰীৰ কয় যে চৰকাৰে আচনি সমুহৰ নামত দিয়া ধন সমুহ সঠিক ভাৱে ৰূপায়ন হৈছে নে নাই চোৱাতো আমাৰ দায়িত্ব ৷ বৰপেটা এখন কৃষি প্ৰধান জিলা ৷ জিলাখনৰ কৃষকে উৎপাদিত পাচলি বিক্ৰীৰ তথা সংৰক্ষনৰ ক্ষেত্ৰত সমস্যাত ভুগি থকা বুলিও তেও উল্লেখ কৰে ৷

আনহাতে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰেও দলটিক সংগ দিয়ে ৷ জাজিক হুছেইন শিকদাৰে জানিবলৈ দিয়ে যে এনেধৰনৰ পৰিদৰ্শনে জিলাখনৰ উন্নতিৰ হোৱাত সহায় কৰে ৷
বাইট: জাজিক হুছেইন শিকদাৰে


নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা