বটদ্ৰৱা কাণ্ডৰ সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল, বৰ্তমানলৈকে আৰক্ষীৰ জালত ৬টা, দুই অভিযুক্ত এতিয়াও পলাতক

বটদ্ৰৱাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত সোমবাৰে সংবাদমেল সম্বোধন কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই। ঘটনাত জড়িত থকাৰ অভিযোগত ইতিমধ্যে ৬জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে। সেইদৰে নিৰ্দোষী ১২জন লোকক সোধপোচৰ অন্তত মুকলি কৰি দিয়া হয়।

ইফালে এই সংবাদমেলতে আৰক্ষী অধীক্ষকগৰাকীৰ সন্মুখত বটদ্ৰৱা থানাৰ দায়িত্বত থকা উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙৰ নিষ্ক্ৰীয় ভুমিকাৰ ওপৰত প্ৰশ্ন কৰে সাংবাদিকে।ভাৰপ্ৰাপ্ত বিষয়াই পলমকৈ অৱগত কৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ কথা জনালে আৰক্ষী অধীক্ষকে।

অভিযুক্ত মজিদা খাতুন, ছাদ্দাম আলী এতিয়াও পলাতক অৱস্থাত আছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। বৰ্তমান আৰক্ষীয়ে জোৰদাৰ গতিত অভিযান অব্যাহত ৰাখিছে। শীঘ্ৰে ঘটনাত জড়িত থকা আটাইকেইজন অভিযুক্ত আৰক্ষীৰ জালত পৰিব বুলি স্পষ্ট মত প্ৰকাশ কৰে লীনা দলেই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা