শিলচৰত আটক ২৬জন ৰোহিঙ্গীয়া, শিলচৰ সদৰ থানাত আৰক্ষীয়ে সোধা–পোছা অব্যাহত

শিলচৰত আটক ২৬জন ৰোহিঙ্গীয়া৷ শিলচৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে আটাইকেজনক৷ ৰোহিঙ্গীয়া দলটো দিল্লীৰ পৰা ৰে’লযোগে শনিবাৰে পুৱা গুৱাহাটী–কামাখ্যা ষ্টেচনত উপস্থিত হৈছিল৷ কামাখ্যাৰ পৰা দুখনকৈ  ইন’ভা গাড়ীৰে আজি পুৱতিনিশা শিলচৰ উপস্থিত হয়৷ আৰু তেতিয়া শিলচৰ আৰক্ষীয়ে আটাইকেজনক আটক কৰে৷ দলটোত আঠগৰাকী মহিলা আৰু ছয়জন পুৰুষ আৰু বাকীসকল শিশু৷

কি কাৰণত শিলচৰত উপস্থিত হৈছিল দলটো সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ শিলচৰ সদৰ থানাত আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে৷ ম্যানমাৰত ৰোহিঙ্গীয়াসকলৰ ওপৰত চলা নিৰ্যাতনৰ সময়তে এইসকলে দেশ এৰি গোপনে জম্মু কাশ্মীৰত অশ্ৰয় লৈছিল বুলি জানিব পৰা গৈছে৷ আৰু জম্মুত দীৰ্ঘ বছৰ থকাৰ পাছত তাৰ পৰা দিল্লী হৈ শিলচৰত উপস্থিত হৈছে  দলটো৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা