news3

#   ৰঙিয়াত আছুৰ সংবাদমেল #

# আন বিদ্যালয়ৰ লগত চামিলকৰন কৰা বিদ্যালয় পুণৰ পৃথকিকৰণ কৰাৰ বিৰোধিতা #

# শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা #

দৈনিক আমাৰ প্ৰণাম,৩০ মে:-  ৰঙিয়াৰ এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অভাবত চৰকাৰী নিয়মমতে আন এখন বিদ্যালয়ৰ লগত চামিলকৰন কৰিছিল ৰজ্যৰ শিক্ষা বিভাগে । বিদ্যালয়খন চামিলকৰণ কৰাৰ পিচত এক ৰাজনৈতিক লবীয়ে বিদ্যালয়খন পুণৰ পৃথকিকৰণ কৰাৰ বাবে নানাধৰণৰ কৈশল অৱলম্বন কৰাৰ অভিযোগ উৎথাপন হৈছে । যাৰফলত ৰাজনৈতিক হেঁচাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে পুণৰ বিদ্যালয়খন পৃথকৰণ কৰি পুৰ্বৰ দৰে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । নিজে কৰা নিয়মক নিজে ভংগ কৰিবলৈ লোৱাত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰি চৰকাৰৰ নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাই ।  উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰছাত্ৰীৰ সংখ্যা কম থকা বিদ্যালয়সমূহক কাষৰ বিদ্যালয়ৰ সৈতে চামিলকৰন কৰি এক সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই মৰ্মে প্ৰথম পৰ্যায়ত যোৱা ৭ এপ্ৰিলত ৰাজ্যখনৰ অন্যান্য জিলা সমূহৰ লগতে কামৰূপ জিলাৰ ছাত্ৰ - ছাত্ৰীৰ সংখ্যা কম থকা ৩০ খন হাইস্কুল কাষৰ বিদ্যালয়ৰ সৈতে চামিলকৰনৰ নিৰ্দেশ জাৰি কৰা হয় ৷ এই নিৰ্দেশ অনুসৰি ৰঙিয়া ৰে’লৱে হাইস্কুলখন কাষৰ আৰিমত্ত বিদ্যাপীঠ হাইস্কুলৰ সৈতে চামিলকৰন কৰা হয় ।  বিগত কিছু বছৰৰ পৰা ৰঙিয়া ৰেলৱে হাইস্কুলত অস্বাভাৱিকভাৱে ছাত্ৰছাত্ৰীৰ সংখ্যা কমি গৈ চলিত বৰ্ষত মাত্ৰ ৬২ জন হৈছিলগৈ ৷ এনে পৰিপ্ৰেক্ষিততে শিক্ষা বিভাগে বিদ্যালয়খন কাষৰ আৰিমত্ত বিদ্যাপীঠ হাইস্কুলৰ সৈতে চামিলকৰনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। যাৰ ফলত শিক্ষা বিভাগে ৰঙিয়া ৰে’লৱে হাইস্কুলখন কাষৰ আৰিমত্ত বিদ্যাপীঠ হাইস্কুলৰ সৈতে চামিলকৰনৰ নিৰ্দেশ কাৰ্যকৰী কৰে । ইয়াৰ পিচতে এজন ৰাজনৈতিক নেতাৰ নেতৃত্বত একাংশ ব্যক্তিয়ে আৰম্ভ কৰিছিল প্ৰতিবাদ ।  বিদ্যালয়খন চামিলকৰণ হোৱাৰ পিচতে শাসকীয় দলৰ নেতাগৰাকীয়ে ভোটৰ অংকত খেলি - মেলি হব বুলি অবগ কৰে স্থানীয় বিধায়ক গৰাকীক ‌। ছাত্ৰ সন্থাই সংবাদমেল যোগে অভিযোগ কৰামতে সকলো বিষয় হিচাপ নিকাচ কৰি আনকি শাসকীয় বিধায়ক গৰাকীয়ে চামিলকৰণ বিৰোধিতা কৰা ব্যক্তি সকলক এক প্ৰকাৰ সমৰ্থন জনাই ।  শাসকীয় পক্ষৰ পৰা শিক্ষা বিভাগক পুৰ্ণ হেঁচা প্ৰয়োগ কৰাত শিক্ষা বিভাগৰ  ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ প্ৰতিশ্ৰুতি জলাঞ্জলী দি পুণৰ বিদ্যালয়খন পৃথকিকৰণ কৰাৰ সিদ্ধান্ত নিশ্চিত কৰিছে । পুৰ্বতে ৰঙিয়া ৰেলুৱৈ হাইস্কুলখনত মাত্ৰ ৬২ জন ছাত্ৰ ছাত্ৰীৰ বিপৰিতে শিক্ষক শিক্ষয়ত্ৰী আছিল ১৮ গৰাকী । শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ এনে গাঠনিৰ বাবে বিদ্যালয়খন ওচৰৰে আৰমত্ত বিদ্যাপীঠৰ লগত চামিলকৰণ কৰিছিল ।  যাৰ ফলত ৰেলুৱৈ হাইস্কুলখনত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ সংখ্যা শুন্য হৈ পৰিছিল ।  ইফালে শিক্ষাবিভাগে বিদ্যালয়খন পুণৰ পৃথকিকৰণ কৰাৰ সিদ্ধান্তৰ বিৰোধীতা কৰি অহাকাইলৈ কলা বেজ পৰিধান কৰি শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই । 

ৰঙিয়াৰ পৰা নছিউৰ ৰহমানৰ ৰিপৰ্ট, দৈনিক আমাৰ প্ৰণাম ।।




ধুবুৰীত এছ.ইউ.চি.আই (কমিউনিষ্ট) দলৰ প্ৰতিবাদ – জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

ধুবুৰী, ৩০ মে'

ব্ৰহ্মপুত্ৰ নদীৰ গঢ়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধ, নদীভঙ্গ লোকৰ উপযুক্ত পুনৰ্বাসন আৰু অত্যীৱশ্যকীয় বয়বস্তুৰ আকাশচুম্বী মূল্যবৃদ্ধি ৰোধ কৰাৰ দাৱীত আজি ধুবুৰীত  এছ.ইউ.চি.আই (কমিউনিষ্ট), ধুবুৰী জিলা কমিটিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়িত হয়। প্ৰতিবাদকাৰীসকলে চহৰখনৰ মাজমজিয়াৰ শংকৰ দেৱ শিশু উদ্যানৰ পৰা হাতে হাতে প্লেকাৰ্ড লৈ  বিভিন্ন প্ৰতিবাদী শ্লোগান দি ৰাজপথ উত্তাল কৰি সমদল কৰি আহি  জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈ আহি প্ৰতিবাদী কাৰ্য্য ৰূপায়ণ কৰে আৰু অন্তত তেওঁলোকৰ দাৱী সমূহ ৰূপায়িত কৰাৰ বাবে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী


এগৰাকী মহিলা মহৰী আৰু ব্যক্তি এগৰাকীৰ মাজত অভিযোগ প্ৰতি অভিযোগেৰে মুখৰিত  ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় – আৰক্ষীৰ হস্তক্ষেপ

ধুবুৰী, ৩০ মে'

মাজে সময়েই  বিভিন্ন ধৰণৰ অপ্ৰতিকীৰ ঘটনা সংঘটিত হোৱাৰ বাতৰিৰে বিতৰ্কৰ কেন্দ্ৰবিন্দুত থকা ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত পুনৰ এক বিতৰ্কিত ঘটনা সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। বিৱৰণি অনুসৰি আজি দুপৰীয়াৰ পিনে কাৰ্যালয়টোৰ চৌহদত অকষ্মাতে এগৰাকী মহিলা মহৰি আৰু এজন ব্যক্তিৰ মাজত দূৰ্বাদল কাজিয়াৰ সূত্ৰপাত ঘটে। আনকি বাতৰি সংগ্ৰহ কৰিবলৈ সেই স্থানত উপস্থিত হোৱা সাংবাদিকৰ সন্মুখত দুয়োগৰাকীয়ে ইজনে সিজনক দোষাৰোপ কৰি চৰকাৰী কাৰ্যালয়টোৰ  চৌহদ মুখৰিত কৰি তোলাও দেখা যায়। জনৈক উমা ঠাকুৰ নামে মহিলা মহৰীগৰাকীয়ে সেই ব্যক্তিজনে তেখতক থপৰিয়া বুলি অভিযোগ কৰাৰ বিপৰীতে নিজকে আৰ্শাদ আলী বুলি পৰিচয় দিয়া ব্যক্তিজনে আকৌ ওলেোটাই মহৰীগৰাকীৰ বিৰূদ্ধে প্ৰতি অভিযোগ  আনে। ব্যক্তিজনৰ দাৱী যে মাটিৰ চিঠা কপি উলিওৱাৰ আবেদন লিখাৰ বাবে প্ৰথমে দুশ আৰু পিছত পুনৰায় পাঁচশ টকা দিছিল যদিও মহিলা মহৰীগৰাকীয়ে তেখেতৰ কামটো কৰা নাই। আনকি তেওঁ নহয়, সেই মহিলা মহৰীগৰাকীয়ে তেখেতক থপৰিয়াই বুকুত খামোচাৰ প্ৰতি অভিযোগো কৰে পোৱা যায় লোকজনে। ইফালে মহৰীগৰাকীয়ে আকৌ ব্যক্তিজনেহে তেখেতক মাৰপিট কৰা বুলি কয়। এইদৰে দুয়োৰে মাজত তুমুল তৰ্কাতৰ্কি চলি থকাৰ সময়ত আৰক্ষী আহি দুয়োগৰাকীকে ধুবুৰী সদৰ থানালৈ নিয়াৰ পিছত হে কাৰ্যালয়টোৰ চলি থকা হুলস্থুলীয়া পৰিৱেশৰ ওৰ পৰে।

প্ৰেৰক- জিতু মণি দাস, ধুবুৰী


# চেঙা উন্নয়ন খণ্ডত পিএমএওৱাই গৃহৰ বঞ্চিত ৰাইজৰ প্ৰতিবাদী সমদল #

প্ৰদীপ কুমাৰ সৰকাৰ,বৰপেটা,৩০ মেঃ বৰপেটা জিলাৰ চেঙা উন্নয়ন খণ্ডত অাজি  প্ৰধান মন্ত্ৰী অাৱাস যোজনাৰ গৃহলাভৰ পৰা বঞ্চিত ক্ষুব্ধ ৰাইজে  উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। তেওঁলোকে চৰকাৰী কৰ্মচাৰীক ধন নিদিয়া বাবে প্ৰায় ছয় শতাধিক দৰিদ্ৰ হিতাধিকাৰীৰ নাম কৰ্তনৰ অভিযোগ তুলি বঞ্চিত হিতাধিকাৰীয়ে উত্তাল প্ৰতিবাদেৰে কপাই তুলিলে চেঙা উন্নয়ন খণ্ডৰ চৌহদ। জানিব পৰা মতে চেঙা এম পাৰা গাওঁ পঞ্চায়তৰ পৰা উন্নয়ন খণ্ডলৈ বঞ্চিত হিতাধিকাৰীয়ে উলিয়াই এই বৃহৎ প্ৰতিবাদী সমদল। বঞ্চিত ৰাইজে ঘৰৰ জি'অ টেগ কৰাৰ পিছতো হিতাধিকাৰীয়ে বছৰ বছৰ ধৰি পোৱা নাই ঘৰৰ বাবদ ধন। অানকি পকী ঘৰ থকা লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ পোৱাৰ বিপৰীতে বহু কেচা ঘৰ থকা লোকে পোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। উল্লেখ্য যে, প্ৰায় ছয় শতাধিক লোক এই আঁচনিৰ অধীনত গৃহ লাভৰ পৰা বঞ্চিত হোৱাৰ লগতে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ৰ একাংশ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই নাম কৰ্তন হোৱাৰ অভিযোগ উত্থাপন কৰে ভূক্তভোগী ৰাইজৰ। ইপিনে ধনৰ বিনিময়ত নিৰ্বাচিত ঘৰৰ নামত ধন মোকলাই দিয়াৰো গুৰুতৰ অভিযোগ উঠিছে উন্নয়ন খণ্ডটোৰ বিৰুদ্ধে । সেয়ে বঞ্চিত হিতাধিকাৰীয়ে গৃহলাভৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত মূখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ দৃষ্টি আকৰ্ষণ কামনা কৰাৰ লগতে প্ৰতিবাদীসকলে জিলা উপায়ুক্ত, বৰপেটাৰ সাংসদ, চেঙা সমষ্টিৰ বিধায়ক, চেঙা চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়ালৈ এখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। (ফটো অাছে)


Comments