তামুলপুৰ জিলাৰ খন্দিকড়ত আৰক্ষীৰ বৃহৎ অভিযান # ড্ৰাগছ সহ আটক এজনক #

# জব্দ কৰিলে নগদ ধন সহ কেইবাখনো গাড়ী #

দৈনিক আমাৰ প্ৰণাম, ২৫ মে :- ৰঙিয়া সমষ্টিৰ অধিনৰ তামুলপুৰ জিলাৰ খন্দিকড়ত আজি পুৱতি নিশা আৰক্ষীয়ে ড্ৰাগছৰ বিৰোদ্ধে এক বৃহৎ অভিযান চলাই ।  তামুলপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত অহা আৰক্ষীৰ বৃহৎ দল এটাই পুৱাৰ ভাগতে উপস্থিত হয় খন্দিকড়ত ।  ড্ৰাগছ ব্যৱসায়ী হিচাপে পৰিচিত ৰিয়াজুল আলী ওৰফে সোন নামৰ যুৱকজনৰ ঘৰত আৰক্ষীৰ দলটোৱে অভিযান চলাই যুৱক জনক আটক কৰাৰ লগতে ১২৮  গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ দলটোৱে প্ৰায় দুঘন্টা সমহ ড্ৰাগছ ব্যৱসায়ী জনৰ ঘৰত অভিযান চলাই নগদ ৩৫ হেজাৰ টকা, তিনিটা মোবাইল, দুখনকৈ বাইক, এখন অ'ল্টো গাড়ী আৰু এখন টেক্টৰ জব্দ কৰে । গুৰুত্বপূৰ্ণ বিষয়টো হল যে কামৰূপ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই  ড্ৰাগছ ব্যৱসায়ৰ লগত জৰিত বহু ব্যক্তিক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।  এনেদৰে জিলাখনত অভিযান অব্যহত থকাত উপায়ন্তৰ হৈ ড্ৰাগছ আসক্ত যুৱক সকলে বিটিআৰৰ বিভিন্ন জিলাৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি সেৱন কৰি আহিছে । এনে সময়তে বিটিআৰৰ অধিনৰ তামুলপুৰ জিলাৰ খন্দিকড়ত এনেদৰে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কৰা অভিযান অতি প্ৰয়োজন হৈ পৰিছিল । 

 নছিউৰ ৰহমানৰ ৰিপৰ্ট, দৈনিক আমাৰ প্ৰণাম ৰঙিয়া ।।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা