Batadrawa Incident: অৱশেষত নগাঁও আৰক্ষীৰ জালত বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মূল অভিযুক্ত আশ্বিকুল ইছলাম, থানা জ্বলাবলৈ দিছিল উচটনি

নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী গোটৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে বটদ্ৰৱা থানা (Batadrawa Police Station) আক্ৰমণ কাণ্ডৰ আন এজন মুল অভিযুক্ত আশ্বিকুল ইছলাম। ধিং আৰক্ষীৰ সহযোগত অভিযান চলাই আশ্বিকুলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে সংবাদ মাধ্যমক বৰ্তমানলৈকে আৰক্ষীয়ে সবিশেষ তথ্য প্ৰকাশ কৰা নাই।


উল্লেখযোগ্য যে বটদ্ৰৱা থানাত অগ্নিসংযোগ (Batadrawa Incident) কৰিবলৈ কেইবাগৰাকীও মহিলাক আশ্বিকুলে উচটনি দিয়াৰ ভিডিঅ' সংবাদ মাধ্যমত ভাইৰেল হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে মুল অভিযুক্তৰ তালিকাত সন্নিবিষ্ট কৰিছিল আশ্বিকুলৰ নাম।

ঘটনা সংঘটিত হোৱাৰ পিচৰে পৰা আশ্বিকুলে আত্মগোপন কৰি আছিল। বৰ্তমানেও আৰক্ষীয়ে আশ্বিকুলক ক'ৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল সেই সন্দৰ্ভত কোনো তথ্য সংবাদ মাধ্যমক সদৰি কৰা নাই।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা