বিজনীত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত ঐতিহাসিক ৰায়দান। অভিযুক্ত ১০ আচামীক জাৱজ্জীৱন কাৰাদণ্ড ।

দৈনিক আমাৰ প্ৰণাম ,২৪ মে , চিৰাং 
---------
চিৰাঙৰ বিজনীত  ঐতিহাসিক ৰায়দান। বিজনী থানাৰ ১২০/২০০১ নং  ডাইনী হত্যাৰ গোচৰত অভিযুক্ত ১০ আচামীক জাবজ্জীৱন কাৰাদণ্ড । বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত এই ৰায়দান । ন্যায়াধীশ ইউছুফ আজাজৰ আদালতৰ ৰায়দান । বিজনীৰ বান্দুগুৰীত ২০০১ চনত ডাইনী সন্দেহত ৩ গৰাকী লোকক হত্যা কৰিছিল ১২ অপৰাধীয়ে। ইয়াৰে ২ অপৰাধীৰ ইতিমধ্যে মৃত্যু ঘটিছে ।‌

ডাইনী হত্যাৰ  গোচৰৰ অভিযুক্ত ১০ জন
 যাৱজ্জীৱন কাৰাদণ্ড ৰায়দান দিয়া আচামী ক্ৰমে -
খাটাং বড়ো ,
গেনা বসুমতাৰী ,গগো বসুমতাৰী ,গংগাৰ বসুমতাৰী ,আখু বসুমতাৰী ,থীৰেন বসুমতাৰী ,সম্ভাৰু বসুমতাৰী 
,জবাতি বসুমতাৰী ,হেবৰো গয়াৰী ,সমৰ মুছাহাৰী ।

লগতে কেচ চলি থকাতে অভিযুক্ত দুইজন  আচামীৰ মৃত্যু হয় বুলি 
অতিৰিক্ত লোক অধিবক্তা প্ৰবীন দেৱৰায়ে সংবাদ মাধ্যমৰ আগত জনায় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা