বাঘবৰৰ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত উপস্থিত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাঃ বাঘবৰত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা সত্ৰখন ৰক্ষাৰ বাবে কাইলৈৰ পৰাই প্ৰতিৰোধৰ কাম আৰম্ভ কৰাৰ নিৰ্দেশ পিয়ুষ হাজৰিকাৰ #


প্ৰদীপ কুমাৰ সৰকাৰ, বৰপেটা, ২৪ মেঃ সম্প্ৰতি  মহাবাহু ব্ৰহ্মপুত্ৰ নৈ'ৰ বিধ্বংসী খহনীয়াত জাহ যোৱাৰ উপক্ৰম বাঘবৰৰ ঐতিহ্যমণ্ডিত বৈঠাপুতা ঘাট সত্ৰত আজি উপস্থিত হয় ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা ৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত সত্ৰখন সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰিছে ৷ পিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই সংকট নমাই অনা সত্ৰখনৰ লগতে মন্ত্ৰীগৰাকীয়ে আজি খহনীয়াগ্ৰস্থ অঞ্চল পৰিদৰ্শণ কৰে ৷ ইপিনে তেওঁ সত্ৰ পৰিচালনা সমিতি আৰু সত্ৰবাসী ৰাইজৰ সৈতেও মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে ৷ অানকি বাঘবৰৰ বৈঠাপুতা ঘাট সত্ৰখনৰ খহনীয়া পৰিদৰ্শনৰ পিচতে মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জনোৱা মতে সত্ৰখনৰ সাময়িক প্ৰতিৰোধৰৰ বাবে কাইলৈৰ পৰাই কাম আৰম্ভ কৰাৰ নিৰ্দেশ দিছে মন্ত্ৰী গৰাকীয়ে ৷ ইপিনে বৰপেটা জিলাৰ লগতে ৰাজ্যত খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে অহা এবছৰৰ ভিতৰত এচিয়ান ডেভেল'পমেন্ট বেংকৰ জৰিয়তে প্ৰায় ৩ হাজাৰ ৭ শ কৌটি টকা ব্যয় সাপেক্ষে কেবাখনো আঁচনি গ্ৰহনৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ অানহাতে  অখিল গগৈয়ে নিজকে লাচিতৰ বংশধৰ বুলি আৰু পিয়ুষ হাজৰিকাৰ দেহত মোগলৰ তেজ থকা বুলি কৰা মন্তব্য সম্পৰ্কতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে  ৷ মন্ত্ৰী পিয়ুষ হাজৰিকাই অখিল গগৈক উভতি ধৰি বাঘবৰত মন্তব্য কৰে যে, পূৰ্বতে হিন্দুসকল মোগললৈ ধৰ্মান্তৰিত হৈছিল ৷ ঠিক তেনেদৰে অখিল গগৈয়েও মোগললৈ ধৰ্মান্তৰিত হোৱা বুলি মন্তব্য পিয়ুষ হাজৰিকাৰ ৷ তেওঁ লগতে কয় যে,পূৰ্বতে অখিল গগৈৰ দেহত লাচিতৰ তেজ আছিল যদিও এতিয়া তেওঁৰ দেহত মোগলৰ গাত আছে ৷ ইপিনে ৰাজ্যৰ কতোৱেই বটদ্ৰৱাৰ পুনৰাবৃত্তি কৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিয়ে পিয়ুষ হাজৰিকাই ৷ অকল বটদ্ৰৱাই নহয়, জনিয়া, বাঘবৰ আনকি ধুবুৰীতো থানা আক্ৰমণ কৰিবলৈ দিয়া নহব ৷ যদি কোনোৱে থানা আক্ৰমণ কৰে তেন্তে দুষ্টক দমন কৰাৰ হুংকাৰ দিয়ে মন্ত্ৰী পিয়ুষ হাজৰিকাই৷ ইফালে কংগ্ৰেছে চোৰ, ডকাইত, দূস্কৃতিকাৰীৰ সপক্ষেই সদায় মাত মাতে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে বাঘবৰৰ বৈঠাপুতা ঘাট সত্ৰৰ পৰিচালনাৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ কেইটামান ঘাট সত্ৰৰ নামত আৱন্টনৰ দাবী কৰে সত্ৰ পৰিচালনা সমিতিয়ে ৷ মুলতঃ সত্ৰখন পৰিচালনাৰ বাবে প্ৰয়োজন হোৱা ধনৰ জোৰা মাৰিবৰ বাবেই ব্ৰহ্মপুত্ৰৰ ঘাট কেইটা আৱন্টনৰ দাবী সম্পৰ্কে অৱশ্যে মন্ত্ৰীগৰাকীয়ে কোনো মন্তব্য প্ৰকাশ নকৰিলে ৷ অাজি মন্ত্ৰীগৰাকীৰ সত্ৰ পৰিদৰ্শন কালত বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাস,বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান অালী অাহমেদ অাৰু জনিয়া সমষ্টিৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা