শিৱসাগৰৰ আমগুৰিৰ দুই প্ৰতিভাসম্পন্ন খেলুৱৈ বঞ্চিত হল অসম আৰ্চাৰী সন্থাৰ অৱহেলাৰ বাবে*

* 
আমাৰ প্ৰণাম সংবাদদাতা শিৱসাগৰ: অসম আৰ্চাৰী সন্থাৰ অৱহেলাৰ বাবে বঞ্চিত হৈ থাকিল শিৱসাগৰৰ আমগুৰিৰ দুই প্ৰতিভাসম্পন্ন খেলুৱৈ।  ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈয়ো শিৱসাগৰৰ আমগুৰি  দুই খেলুৱৈ বঞ্চিত হল। খেলুৱৈ দুজন শিৱসাগৰ জিলাৰ আমগুৰিৰ তন্ময় গগৈ আৰু দৰ্শনা নাথ অসম আৰ্চাৰী সন্থাৰ অৱহেলাৰ বাবে বঞ্চিত হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা। উল্লেখ্য যে গুৱাহাটীত অনুষ্ঠিত অসম ৰাজ্যিক আৰ্চাৰী প্ৰতিযোগিতাত অংশ গ্ৰহণৰে নিৰ্বাচিত হৈছিল ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতালৈ।অন্ধ প্ৰদেশৰ বিজয়ৱাৰাত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা যোৱা আৰ্চাৰী খেলুৱৈ দুগৰাকী ট্ৰেইনৰ টিকট নিশ্চিত নোহোৱাৰ বাবে বঙাইগাঁ‌ৱৰ পৰা উভতি আহিব লগা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। অহা ২৩ মেৰ পৰা ২৬ মে লৈকে অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ  আৰ্চাৰী প্ৰতিযোগিতা।
অহা ২৩ মেৰ পৰা অন্ধ প্ৰদেশত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত যি কোনো প্ৰকাৰে অংশ গ্ৰহণৰ ব্যৱস্থা কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু ক্ৰীড়া মন্ত্ৰীক দুয়োগৰাকী খেলুৱৈ দুগৰাকীৰ লগতে পৰিয়ালৰ লোকে  আহ্বান জনাইছে।

Comments